• Home
  • জুবিন গাৰ্গৰ নতুন অসমীয়া ছবি ‘চিকাৰ’ : লণ্ডনত হ’ব শ্বুটিং

জুবিন গাৰ্গৰ নতুন অসমীয়া ছবি ‘চিকাৰ’ : লণ্ডনত হ’ব শ্বুটিং

অসমীয়া ছবি জগতৰ বাবে আন এক নতুন খবৰ কঢ়িয়াই অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে অলপতে ঘোষণা কৰিলে তেওঁৰ নতুন অসমীয়া ছবি। ছবিখনৰ নাম ‘চিকাৰ’। অহা অক্টোবৰ মাহৰ পৰা চিত্ৰগ্ৰহণ হ’বলগীয়া এই ছবিখনত এক বিশেষ চৰিত্ৰত দেখিবলৈ পোৱা যাব জুবিন গাৰ্গক।

ৰঙালী বিহুৰ প্ৰাকক্ষণত মহানগৰীৰ জু ৰোডৰ গুৱাহাটী চেণ্ট্ৰেল’ত নতুন অসমীয়া চলচ্চিত্ৰ “চিকাৰ”ৰ নাম ঘোষণা তথা পোষ্টাৰ মুকলি কৰা হয়। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে মুকলি কৰে নতুন অসমীয়া ছবিখনৰ প্ৰথম পোষ্টাৰ। বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ প্ৰযোজনাত নিৰ্মিত ছবিখনিৰ কাহিনী আৰু পৰিচালনা কৰিছে বিগত ২৫ বছৰে অসমীয়া ছবিজগতত সম্পাদক হিচাপে পৰিচিত দেবাংকৰ বৰগোঁহাইয়ে।

কাৰ্যবাহী প্ৰযোজক প্ৰয়াত ৰতন লহকৰৰ সুযোগ্য সন্তান প্ৰণৱ লহকৰ। বিশেষকৈ লণ্ডনত আৰু কিছু অংশ অসমত দৃশ্যগ্ৰহণ কৰিবলগীয়া “চিকাৰ”ৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱক হিচাপে দেখিবলৈ পোৱা যাব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক। ছবিখনিৰ সংগীত পৰিচালকো জুবিন গাৰ্গ। অন্য দুটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব জনপ্ৰিয় শিল্পী সিদ্ধাৰ্থ শৰ্মা(কে কে) আৰু দ্বীপজ্যোতি কেওঁট(মোহন)ক। “চিকাৰ”ৰ কাহিনী দেৱাংকৰ বৰগোহাঁইৰ, চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈ, বেদান্তৰ। দৃশ্যগ্ৰহণকাৰী জন ৰেগ্ৰেট। বিহুৰ পাছতেই প্ৰি-প্ৰডাকচনৰ কাম আৰম্ভ হ’বলগীয়া ছবিখনি অহা বছৰৰ ফেব্ৰুৱাৰীত চিত্ৰগৃহলৈ অহাৰ কথা।

Leave A Comment