• Home
  • ৰাজমুকুটৰ মঞ্চত চমক দিবলৈ সাজু জনপ্ৰিয় অভিনেতা উৎপল দাস, চৰ্চাত ৰাজদ্বীপৰ ‘বিৰিখৰ বিৰিণা’
birikhor birina

ৰাজমুকুটৰ মঞ্চত চমক দিবলৈ সাজু জনপ্ৰিয় অভিনেতা উৎপল দাস, চৰ্চাত ৰাজদ্বীপৰ ‘বিৰিখৰ বিৰিণা’

কিছু বিৰতিৰ অন্তত ভ্ৰাম্যমাণৰ মঞ্চলৈ ঘুৰি আহিছে অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাস ৷ বহু চলচ্ছিত্ৰ, ধাৰাবাহিক তথা মিউজিক ভিডিঅ’ত অভিনয়েৰে অসমবাসীৰ মন জয় কৰি অহা অভিনেতাগৰাকীক এইবাৰ পুনৰ দেখা যাব ভ্ৰাম্যমাণৰ মঞ্চত ৷ ৰাজ্যৰ আগশাৰীৰ নাট্যদল ৰাজমুকুটৰ মঞ্চত উৎপল দাসক এইবাৰ দেখিবলৈ পোৱা যাব ‘বিৰিখ’ৰ ৰূপত ৷ হয়– ইতিমধ্যে ভ্ৰাম্যমাণ জগতত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এখন নাটক ৷ নাটখনৰ নাম– ‘বিৰিখৰ বিৰিণা’৷ উক্ত নাটখনত বিৰিখৰ মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব উৎপলক ৷

জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপৰ সৃষ্টি ‘বিৰিখৰ বিৰিণা’ নাটখনৰ শীৰ্ষ গীতটোত কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই ৷ গীতটো ইতিমধ্যে ৰাইজৰ মুখে মুখে ৷ আনহাতে পাঠশালাৰ বনগাওঁস্থিত আখৰাগৃহত ইতিমধ্যে সমাপ্ত হৈছে নাটখনৰ আখৰাৰ ৷ সদায় নতুন চিন্তা আৰু নতুন ধৰণৰ কাহিনীৰে দৰ্শকৰ মন জয় কৰি অহা যুৱ নাট্যকাৰ ৰাজদ্বীপৰ ‘বিৰিখৰ বিৰিণা’ৰ কাহিনী তথা ট্ৰিটমেতো আছে নতুনত্ব৷ নাট্যদলটোৰ শিল্পী, কলা-কুশলীসকল অতিশয় উৎসাহিত নাটখনক লৈ ৷ আনহাতে আখৰাৰ পৰ্যায়তে উৎপল দাসে যিদৰে চৰিত্ৰটোৰ সৈতে একাত্ম হৈ বলিষ্ঠ অভিনয় কৰিছে, তাৰ পৰা অতি স্পষ্টভাৱে ক’ব পাৰি যে বিৰিখৰ চৰিত্ৰটোৰ জৰিয়তে এইবাৰ ভ্ৰাম্যমাণৰ মঞ্চত দপদপাবলৈ সাজু হৈছে জনপ্ৰিয় অভিনেতাগৰাকী ৷

The poster of ‘Birikhor Birina’

‘বিৰিখৰ বিৰিণা’ মূলতঃ এটা প্ৰেমকাহিনী যদিও এই কাহিনীৰ আঁৰত লুকাই আন কেইবাটাও ৰহস্য ৷ মৰম, ভালপোৱাৰ বাবে যিদৰে কোনোবাই সৰ্বস্ব ত্যাগ কৰিব পাৰে, ঠিক একেদৰে কিন্তু আন এচামে মৰম-ভালপোৱাক আওকাণ কৰি কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেও ষড়যন্ত্ৰ কৰিব পাৰে ৷ এফালে যিদৰে নিঃস্বাৰ্থ ভালপোৱা আছে, আনফালে আছে ষড়যন্ত্ৰৰ পাহাৰ ৷ নাটখনৰ আখৰা চাই এটা কথা বৰ ভাল লাগিল যে ভ্ৰাম্যমাণৰ দৰ্শকৰ বাবে নাটখনে সকলো সমল কঢ়িয়াই লৈ আহিছে ৷ অতি সহজে দৰ্শকক চুই যাব পৰা কাহিনীটোৰে ‘বিৰিখৰ বিৰিণা’ই দি যাব প্ৰেমৰ বাৰ্তা ৷ লগতে নাটখনে দৰ্শকক বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে এৰি থৈ যাব কেইটামান প্ৰশ্ন– প্ৰেম ইমান নিঃস্বাৰ্থ হ’ব পাৰে জানো? কাৰোবাৰ বিষয়ে একো নজনাকৈয়ে প্ৰেমত পৰিব পাৰি জানো? অথবা অলপ ভালপোৱাৰ বাবে আমি সৰ্বস্ব ত্যাগ কৰিব পাৰো জানো?– এনে বহু প্ৰশ্ন তথা মনোৰম দৃশ্যই সমৃদ্ধ কৰি তুলিছে ৰাজদ্বীপৰ নতুন নাটক ‘বিৰিখৰ বিৰিণা’ক ৷

নাম আৰু প’ষ্টাৰ মুকলি হোৱাৰে পৰা দৰ্শক সমাজৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা ‘বিৰিখৰ বিৰিণা’ দৰ্শকৰ মাজলৈ আহিব অহা আগষ্টত ৷ ৰাজেশ ভূঞাই পৰিচালনা কৰা নাটখনৰ গীতৰ ৰচনা আৰু সংগীত ৰাজদ্বীপৰ ৷ গীতসমূহত কণ্ঠ নিগৰাইছে পাপন, নীল আকাশ, ৰাকেশ ৰিয়ান আদিয়ে ৷ আৱহ সংগীত পলাশ সূৰ্য গগৈৰ ৷ মানস কলিতা প্ৰযোজিত নাট্যদলটোত উৎপল দাসৰ সৈতে এইবাৰ যুটী বান্ধিছে মোহময়ী অভিনেত্ৰী দেৱাশ্ৰী গগৈয়ে ৷ আনহাতে নাট্যদলটোত অভিনয় কৰিছে ভাস্কৰ বৰ্মন, তাৰক দাস, সুৰভী কটকী, শংকৰজ্যোতি ৰাজখোৱা, পঞ্চী বৰা, আলোকজ্যোতি শইকীয়া, ত্ৰিদীপ ৰয় আদিয়ে ৷ ‘বিৰিখৰ বিৰিণা’ক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে ৰাজমুকুটৰ আখৰাগৃহত মায়াময় পৰিৱেশৰ সৃষ্টি কৰিছে আন এখন নাটকে ৷ উক্ত নাটখন হৈছে– ‘বকুল ফুলৰ দৰে’৷ জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপেই ৰচনা কৰা উক্ত নাটখনৰ পটভূমি অতিকে আকৰ্ষণীয় ৷ এই দ্বিতীয় নাটখনৰ আখৰাও প্ৰায় সমাপ্তিৰ পথত ৷ নাট্যদলটোৰ তৃতীয়খন নাটক হৈছে ৰঞ্জিত কুমাৰ দত্তৰ ‘বৰফৰ খুকুৰি’৷ অহা ১৮ আগষ্টত নাট্যদলটোৱে পাঠশালাৰ পৰা নাট্যযাত্ৰা আৰম্ভ কৰিব৷

  • ৰুবুল দাস

Leave A Comment