• Home
  • শব্দ নিশব্দ কোলাহল: ত্ৰিমাত্ৰিক ইন্দ্ৰিয় সমদল : Soul of Silence

শব্দ নিশব্দ কোলাহল: ত্ৰিমাত্ৰিক ইন্দ্ৰিয় সমদল : Soul of Silence

ড০ দীপশিখা ভাগৱতী


শব্দ
এটা জুপুৰী। মিডিয়াম ক্লজ্ শ্বটত ঘৰৰ ভিতৰৰ আৰু চোতালৰ ছবি। শুকান, শেঁতা। চৌপাশৰ সেউজীয়াৰ সৈতে যাৰ কোনো সমন্বিত ভাৰসাম্য নাই। গ্ৰাম্য পৰিবেশৰ, নিম্ন মধ্যবিত্ত মানুহ এঘৰৰ এটা সাধাৰণ ভাৱে সজোৱা কোঠা, এখন বিছনা, তাত অলস ভাবে শুই থকা এগৰাকী কম বয়সীয়া মহিলা। এক্সট্ৰিম ক্ল’জ স্বটে দেখুৱায় – তেওঁক বয়সে নহয়, মানসিক কষ্ট আৰু অভাবে উদাস কৰি তুলিছে, কিন্তু একধৰণৰ অন্তৰ্লিন শক্তি, জীৱনক লৈ একপ্ৰকাৰৰ নীৰৱ অনুমোদনে তেওঁক জুৰুলা কৰাৰ পৰ্যায়লৈ অবদমিত কৰিব পৰা নাই। ৰন্ধা বঢ়াৰ ব্যৱস্থা সেই কোঠাতেই। আন এটা কোঠা দেখুওৱা হয়, কিন্তু সেই কোঠালৈ তেওঁৰ সহজ অহা যোৱা নাই, ই কিছু সময় পিছতেই তেওঁলৈ কঢ়িয়াই আনে আন এক সন্তাপ – স্বামীৰ দ্বিতীয়া পত্নী।


ঘৰৰ ভিতৰত বাঁহৰ খুটা এটাত ঘুণ পোকে ধৰে। তাৰ নিৰন্তৰ, বিৰক্তিকৰ শব্দই মহিলাগৰাকীক তিক্ত বিৰক্ত উত্তেজিত কৰি তোলে। সুৰাপান কৰি অহা কাঠমিস্ত্ৰী স্বামী, পত্নীক মাথোঁ শয্যাসংগী‌ৰ বাহিৰে আন দৃষ্টিৰে নোচোৱা, তেওঁৰ বৰ্তমানতে সৰু ছোৱালী এজনীক ঘৰ সুমুওৱা – এই অব্যক্ত ক্ষোভে তেওঁক অহৰহ পীড়া দি থাকে, তাতে শান্তিৰে শুবলৈ নিদি সেই ঘুন পোকটোৰ একঘেয়া কেৰকেৰণি। ফিল্মখনৰ প্ৰতিটো দৃশ্যৰ সৈতে এই ঘুন পোকটোৰ সমান্তৰাল গতি খুব মসৃণ। মানুহগৰাকীৰ অন্তৰৰ সংঘৰ্ষ, নীৰৱতা আৰু ঘুন পোকে ক্ষয় কৰি পেলোৱাৰ দৰে সংসাৰৰ ভগ্ন অৱস্থাক এই শব্দটোৱেই অতি প্ৰতীকাত্মক ৰূপত প্ৰতিনিধিত্ব কৰিছে। শব্দযন্ত্ৰীৰ কুশলতা এই সংবেদনশীল পৰ্যায়ত নিতান্তই প্ৰসংশনীয়। তেওঁৰ ক্ষোভ, খং, অব্যক্ত অসহায় অৱস্থাৰ বাহ্যিক প্ৰতিফলন কোনো উচ্চ স্বৰগ্ৰামৰ সংঘটনৰ মাজেৰে বিস্ফোৰিত হোৱা নাই। বৰঞ্চ, দৈনন্দিন ঘৰুৱা জীৱনৰ বিভিন্ন কাম – কাপোৰ ধোৱা, বাচন বৰ্তন পৰিষ্কাৰ কৰা, চাউলৰ বস্তা এটা টানি নিয়া – এই সকলোবোৰ যি এক সহজ স্বতঃস্ফুৰ্ততাৰে কৰা হয়, তাত এক “পৃথক প্ৰচেষ্টা” আৰোপ কৰি, প্ৰয়োজনতকৈ অধিক শব্দ বা জোৰ প্ৰয়োগ কৰি, সেই “অভিগম্য মাধ্যম” ৰ মাজেৰে, সময় আৰু জীৱন আনি দিয়া পুঞ্জীভূত ক্ষোভৰ স্তৰ আঁতৰোৱাৰ চেষ্টা কৰা হৈছে। স্বামীয়ে দ্বিতীয় বিবাহ কৰোৱাৰ পাছত যেতিয়া প্ৰথম পত্নীগৰাকীৰ একাকিত্ব আৰু ঘনীভূত হৈ উঠিল, আনকি আগতে হোৱাৰ দৰে স্বামীয়ে তেওঁক বলপূৰ্বক ভাবে আনকি শোৱাপাটীতো নিবিচৰা হল, সেই উপেক্ষাক দুৰ কৰাৰ উপায় হিচাপে এক শব্দৰ প্ৰয়োজন তেওঁ অনুভৱ কৰিবলৈ ধৰে। কেৰাচিন তেল বা চোকা শলাৰে খুচি বিন্ধি মাৰিবলৈ চেষ্টা কৰা ঘুন পোকটোৰ কৰ্কশ মাতটোকেই ক্ৰমাৎ তেওঁৰ সংগী যেন লাগিবলৈ ধৰে। ৰাতি অকলে বিছনাত পৰি, পোকটোৰ শব্দ নুশুনি তেওঁ বিহবল হয়, বিচনাৰ শিতানৰ কাঠ টুকুৰাত, কোঠাৰ বাঁহৰ খুটাটোত তেওঁ অস্থিৰ হৈ টুকুৰিয়াই চায়। যেতিয়া আকৌ সেই শব্দটো ঘূৰি আহে, এক স্বস্তিৰ প্ৰকাশ তেওঁৰ মুখত ফুটি উঠে। চৌপাশে মানুহ থকাৰ পাছতো, সিটো খোটালিত নিজৰ আপোন মানুহজনৰ উপস্থিতিৰ পাছতো, যদিও তেওঁ আৰু মাত্ৰ তেওঁৰেই হৈ থকা নাই – মানুহজনী নিঃসংগ। এই শাৰীৰিক মানসিক শূণ্যতাক ভৰাই তুলিবলৈ তেওঁক অলপ শব্দৰ প্ৰয়োজন – শব্দ, যি মাথোঁ তেওঁৰেই হব। তেহেলৈ সেইয়া ঘুন পোকটোৰ একঘেয়া, আপাতদৃষ্টিত বিৰক্তিকৰ শব্দটোৱেই হওক। এই শব্দটোৰ কৌশলী সুন্দৰ প্ৰয়োগে, কাহিনীৰ কিছু “ফ্লেট নেৰেটিভক” চলচ্চিত্ৰৰ ব্যঞ্জনা প্ৰদান কৰিছে।

The poster of the film


এই সমস্ত যাত্ৰাটোত, ৰৈ ৰৈ ভাঁহি আহে ড০ ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ ‘অগ্নিস্নান’ ৰ কথা। তাত প্ৰতাপী স্বামী মহিকান্তৰ নিৰ্লজ্জ, উদণ্ড বহুগামীতাক প্ৰথমা পত্নী মেনকাই মানি লোৱা নাছিল। তেওঁৰ প্ৰতিবাদৰ ভাষা যদিও অত্যন্ত “সাহসী কিন্তু বিতৰ্কিত”, সেই সাহসক বহন কৰাৰ ক্ষমতা, তাহানিৰ এখন পুৰুষতান্ত্ৰিক সমাজৰ বহু প্ৰত্যাহ্বানৰ মাজত, বিশেষকৈ মহিকান্তৰ দৰে এজন পৰক্ৰমী, বিত্তবান মানুহৰ লগত থাকিও মেনকাই মনৰ মাজত সৃষ্টি কৰি লৈছিল। ই আছিল অধিকাৰ আৰু সন্মানৰ যুঁজ।
‘”শব্দ নিশব্দ কোলাহল” এন্হ’লজীৰ প্ৰথমখন ফিল্ম – ‘শব্দ’ ত, প্ৰথম পত্নীয়ে নিজৰ অৱস্থাক, পতিৰ বহুগামীতাক ভাগ্যৰ লিখন বুলি মানি লয়। তেওঁৰ প্ৰতিবাদ এবাৰেই দেখা যায়, যেতিয়া এৰাতি সুৰাৰ ৰাগীত আহি, খাবলৈ ভাত নাপাই স্বামীয়ে নতুন পত্নীক শাৰীৰিকভাবে প্ৰহাৰ কৰে, সকলো দেখি শুনিও তেওঁ প্ৰতিবাদ কৰিবলৈ নাযায়। তেওঁৰ ৰান্ধনীশালত ভাত থাকে, কিন্তু ইচ্ছা কৰিয়েই উলিয়াই নিদিয়ে। এই সকলোবোৰৰ পাছতো, তেওঁ পৰিস্থিতিক মানি লয়, এক ধৰণৰ নীৰৱ বুজাবুজিৰে। হয়তো দাৰিদ্ৰ্য বা আন পৰম্পৰাগত সামাজিক ককৰ্থনাৰ ভয়ত। নিচাত মাতাল হৈ অহা স্বামীয়ে যেতিয়া বলপূৰ্বক ভাবে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিবলৈ যায়, ক্ল’জ শ্বটে দেখুৱায়, প্ৰতিবাদৰ সলনি তেওঁৰ মুখত একপ্ৰকাৰৰ সমৰ্পনৰ ভাষা। প্ৰায়ে অহা বৃদ্ধা মহিলাগৰাকীৰ সংলাপে মানুহজনৰ বহুগামীতাক সমৰ্থন কৰা যেন অনুভৱ হয়, যেতিয়া তেওঁ কয়, “পুৰুষক বেছি একো নালাগে। খাবলৈ সময়ত ভাত কেইটা আৰু চাফা কাপোৰ কানি কেইটা পালেই হয়…।” তেওঁৰ বিৰুদ্ধে মাথোঁ এবাৰ গাঁৱৰ ৰাইজে মাত মতাৰ বাহিৰে ঘৰৰ প্ৰতিজন সদস্য নীৰবেই থাকে। প্ৰথম পত্নীৰ মুখত ফিল্মখনৰ শেষ দৃশ্যটোৰ বাহিৰে এটাও সংলাপ দিয়া হোৱা নাই। কিন্তু তেওঁৰ শৰীৰৰ ভাৱ ভঙ্গী আৰু ভাষা, মুখৰ অভিব্যক্তি, চিনেমেটিক ভাষাৰ কাৰিকৰী সূত্ৰক সম্পূৰ্ণ সমৰ্থন কৰি সৃষ্ট ভিজুৱেলৰ শক্তিয়ে, সংলাপৰ শ্ৰাব্য ইফেক্টে প্ৰকাশ কৰিব পৰা আটাইখিনি কথা দৃশ্যৰ জৰিয়তেই প্ৰতিষ্ঠা কৰিছে। অসংগতভাবে প্ৰাপ্ত অবহেলা আৰু একাকীত্বৰ যাতনাই টোপনি হৰাৰ সময়ত, তেওঁক সেই ঘুন পোকটোৰ শব্দইহে সাময়িক ভাবে হ’লেও সকাহ দিছিল। আপতদৃষ্টিত চাবলৈ হ’লে ফিল্মখনৰ শেষখিনিয়ে দুয়োগৰাকী পত্নীৰ অৱহেলিত জীৱনক কোনো সমাধান দিয়া নাই, বৰঞ্চ পৰিস্থিতিক মানি লৈ বহুগামী পতিৰ মেলছ’ভেনিজম্ বা “উগ্ৰ পুৰুষত্ব” ৰ যশোগীত গোৱা যেন বোধ হয় যদিও এই কথা লক্ষণীয় যে “শব্দ” ৰ মূল থীম হৈছে ঘুন পোকটোৰ শব্দক প্ৰদান কৰা “মূৰ্তমান” (পাৰ্ছনিফাইড) স্হিতিটোহে, বাকীখিনি উপ উপজীব্য, যাক কাহিনীৰ চলচ্চিত্ৰীয় বিকাশৰ বাবে সংযোগ কৰা হৈছে।


নিশব্দ
এটা বৃহৎ নিৰ্মাণকাৰ্য চলি থাকে। এই নিৰ্মাণ প্ৰক্ৰিয়াক সমৰ্থন কৰি চাৰিওকাষে ইয়াৰ বিভিন্ন সমন্বয়ক উপাদানৰ কোলাহল। শিল বালি চিমেণ্ট কঢ়িওৱা গাড়ী মটৰৰ শব্দ, বিশালকায় মেচিনবোৰৰ কান তাল মৰা বিকট ঘৰঘৰণি, মানুহৰ শব্দ, মানুহৰ কথোপকথনৰ অনুচ্চ আৱাজ। শ শ কৰ্মীৰ কথা বতৰা, হাঁহি ধেমালি, ক্ষণিক বিনোদন – চাহৰ সোহা, বিৰিৰ ধোঁৱাত নিজৰ হাড়ভঙা পৰিশ্ৰমক ক্ষন্তেক পাহৰাৰ যতন। এই সকলোবোৰৰ মাজত এজন শ্ৰমিক – নিৰুত্তাপ, নিৰ্বিকাৰ, তুলনামূলকভাৱে সুখী। বিকট বা কোমল – কোনো শব্দই তেওঁক স্পৰ্শ নকৰে। কাৰো তিৰ্য্যক কথা বতৰাই তেওঁক দুখী নকৰে। দিনটোৰ ভাগৰ সামৰি বিছনাত পৰাৰ লগতেই তেওঁৰ নিৰ্বিঘ্নে টোপনি যায়। পুৰণি ট্ৰাংক এটা খুলি লগৰীয়া এজনক তেওঁ সৰল হাঁহি এটাৰে এটা বগা ৰঙৰ সামৰণ পাঞ্জাবী চোলা দেখুৱায় – “এইটো বিয়াৰ”, সিজনে কিবা এটা কয়, তেওঁ আকৌ হাঁহে। কেমেৰাৰ ফ্রেমত, ক্ল’জ্ শ্বটত, লগৰ এজনে দিয়া বিৰিৰ ধোঁৱা বিশেষ কায়দাৰে উৰুৱাই থকা তেওঁৰ গৰ্বিত মুখ। দক্ষ কলাকাৰৰ ভঙ্গীৰে। লং শ্বটত এখন নৈ – তাৰ পাৰত নীৰৱে বহি থকা তেওঁ।

Another poster


পিছফালৰ পৰা তীব্ৰ গতিৰে অহা ট্ৰাক এখনৰ সাম্ভাব্য মৰণান্তিক খুন্দাৰ পৰা বচাবলৈ চাইটৰ মহৰীজনে তেওঁক ঠেলা মাৰি দিয়ে। আনসকলৰ পৰামৰ্শ অনুসৰি চিকিৎসকক দেখুৱায়। পৰীক্ষা নিৰীক্ষা কৰি এটা শ্ৰৱণ যন্ত্ৰ মানুহজনৰ কাণত লগাই দিয়া হয়। তেওঁৰ আনন্দ – এতিয়া তেওঁ সকলো শুনে। আশৈশৱ বধিৰতাৰ যাতনা, “ই কলা, ই কলা” – এই ঠাট্টা মস্কৰাৰ চাগৈ ওৰ পৰিব – এই সুখে তেওঁৰ মুখত হাঁহি বিৰিঙায়।
কিন্তু নহয়। ভবা মতে কথাবোৰ নহয়গৈ। এতিয়া তেওঁ শুনে বন্ধু বুলি ভবা সহকৰ্মীৰ অজস্ৰ তিৰ্যক মন্তব্য। “কান ফাটা, কাণ ফাটা…”, অতদিনে প্ৰশংসা বুলি ভাবি অহা হাঁহিবোৰে উপহাস হৈ শেলে বিন্ধাদি বিন্ধে – “কান ফাটাই বোলে বিয়া পাতে!!” কুকুৰ মেকুৰীৰ বিকট শব্দ, বাহিৰৰ মেছিনৰ ধাতৱ হট্টগোল, আন মানুহৰ কাজিয়া – এইবোৰ শুনি শুনি ৰাতি তেওঁৰ টোপনি হেৰায়। মিঠা মধুৰ বুলি ভাবি অহা শব্দবোৰৰ তিতা স্বৰে তেওঁক ক্ৰমাৎ অশান্ত কৰি আনে – শব্দময় পৃথিৱী, এই কোলাহল মোৰ নহয়, মই ইয়াৰ নহয়… নৈ খনৰ শব্দ নাই, সেইয়াই মোৰ শান্তিৰ শব্দ, তেওঁৰ মনে যেন কৈ উঠে। কাণত শ্ৰৱণ যন্ত্ৰটো লগোৱাৰ পৰা তেওঁক কোনেও বিশ্বাস নকৰা হ’ল, যে তেওঁ সঁচাকৈয়ে কাণেৰে নুশুনিছিল। এবাৰ খং উঠি মনে মনে বহি থাকোঁতে তেওঁ শুনা পায়, তেওঁলৈ উফৰি অহা চৰম ঠাট্টাসূচক মন্তব্য – “তাৰ খং!! চাবিচোন, বিড়ী এটা দেখা পালেই কাণ ফাটাৰ খং ক’ত যায়!!” বাকীবোৰে গিৰজনি পাৰি হাঁহে। মানুহজনৰ মনটো দুখ শোক অপমানত ক্ৰমাৎ কোঁচ খাই আহে। এইবোৰ শব্দচোন নুশুনাই ভাল!! কাণেৰে নুশুনা বুলি ভাবি, আন এজনৰ সৈতে সংসাৰৰ পাতনি মেলাৰ খবৰ শুনাই, মনে বিচাৰি থকা ছোৱালীজনীয়েও তেওঁক এৰি যায়।
যন্ত্ৰটো তেওঁৰ নৈৰ পানীত দলিয়াই দিয়ে। হাত দুখন মেলি আনন্দেৰে উশাহ লয় তেওঁ, বহুদিনৰ মূৰত – জন্মগত নৈ:শব্দ্যক উদযাপন কৰিবলৈ। এইয়াই ভাল – মোৰ একান্ত নিজা পৃথিৱীখনৰ এই নিৰ্জ্জনতাই মোৰ সুখ…।
নৈ:শব্দ্যৰ শক্তিক প্ৰতি মূৰ্হুততে উজ্বলাই তোলা, এন্হ’লজীখনৰ এই দ্বিতীয়খন চলচ্চিত্ৰ “নিশব্দ” ত, শব্দৰ সংলগ্নতা ব্যৱহাৰ হৈছে মাত্ৰ তেওঁৰ স্থিতিক প্ৰতিষ্ঠা কৰিবলৈ। চৌপাশৰ পৰিবেশৰ পৰা উদ্ভৱ হোৱা বিচ্ছিন্ন ধাতৱ শব্দই বা প্ৰকৃতিসৃষ্ট শব্দই তেওঁৰ বধিৰতাক তাচ্ছিল্য কৰা নাছিল – কৰিছিল মানুহৰ শব্দই। তেওঁ শ্ৰৱনশক্তি ঘূৰাই পোৱাৰ পাছতো মানুহৰ এই শব্দই তেওঁক উদাস কৰি তুলিছিল। তেওঁ দেখিছিল – হাঁহিৰ আঁৰত থকা বিষ। তেওঁৰ শান্তি আছিল নৈখনৰ প্ৰবাহী পানী – যি চিৰদিন নিঃশব্দই।
বিভিন্ন লং শ্বট, বিশেষকৈ তেওঁৰ শব্দৰ পৰিধিৰে চৌপাশৰ পৃথিৱীক প্ৰতিষ্ঠা কৰাৰ যি চিনেমেটিক কৌশল পৰিচালকে ব্যৱহাৰ কৰিছে, সিয়ে “নিশব্দ” ক এক নেৰেটিভৰ পৰা উত্তৰণ ঘটাইছে এক চিনেমাৰ পৰ্যায়লৈ। সম্পূৰ্ণ অৰ্গেনীক শব্দৰ ব্যৱহাৰ – যেনে মেছিনবোৰৰ শব্দ, উফৰি অহা কথোপকথন, এইবোৰৰ প্ৰতি নায়কৰ যি “স্বাভাৱিক নিৰ্লিপ্ততা”, ই কোনো এটা দৃশ্যতে নায়কৰ পুতৌজনক স্থিতি সিদ্ধ নকৰে, বৰঞ্চ তেওঁক সুখী যেন অনুভৱ কৰায়, যি সুখ তেওঁ শব্দ শুনাৰ ক্ষমতা পাইহে হেৰুৱাই পেলায়। পৰিচালকে সমগ্ৰ ঘটনাৱলী বাখ্যা কৰিছে নায়কৰ চকুৰে – আনৰ বাখ্যা ইয়াত গৌণ। তেওঁ শব্দ শুনাৰ আগতে, দৰ্শকেও ফিল্মখনৰ শব্দবোৰ খুব অস্পষ্টকৈ শুনে, কিন্তু সামঞ্জস্যপূৰ্ণ ৰঙৰ ব্যৱহাৰ তথা ভিজুৱেল ক্লেৰিটিৰ বাবে “কি হৈ আছে”, তাক বুজাত অলপো অসুবিধা নহয়। এই পৰিষ্কাৰ দ্ৰৈশ্যিক উষ্ণতা ফিল্মখনৰ শক্তি। সুখ্যাত গল্পকাৰ সৌৰভ কুমাৰ চলিহাদেৱৰ গল্প “আৱাজ” ৰ ধ্বনিও “নিশব্দ” ৰ ভাষ্যৰ মাজে মাজে বাজি উঠা অনুভৱ হয়।
মুক বধিৰতাক বিষয় হিচাপে লৈ বহু সুন্দৰ ফিল্ম নিৰ্মাণ হৈছে। সঞ্জয় লীলা বাঞ্চালীৰ “খামোশী” তথা শেহতীয়াকৈ একাডেমী পুৰস্কাৰেৰে সন্মানিত ফিল্ম “কোডা”। পৰিচালক চিয়ান হেদাৰ। উল্লেখযোগ্য যে “কোডা” ৰ বাবে শ্ৰেষ্ঠ সহ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰা অভিনেতা ত্ৰয় কষ্টোৰ বাস্তৱতেই বধিৰ আৰু তেৱেঁই এই সন্মান লাভ কৰা প্ৰথমজন বিশেষভাৱে সক্ষম (বধিৰ) অভিনেতা।
শ্ৰৱণ যন্ত্ৰটো নৈৰ পানীলৈ দলিয়াই দি, জীয়াই থকাৰ সুখৰ বাবে বধিৰতাকেই স্বইচ্ছাৰে আঁকোৱালি লৈ, নায়কৰ যি আনন্দ – অতি নিখুঁতকৈ সেই সুখ ফুটাই তোলা দৃশ্যটোৰ বাবে নায়ক, পৰিচালক – প্ৰশংসাৰ পাত্ৰ।

মাকগৰাকীৰ উদাস মুখ, মনৰ কান্দোনক তল পেলাই চলি থকা বৃহৎ নিৰ্মানটোৰ অহৰহ কোলাহল, আৰু এই কোলাহলে, বহু ভীৰৰ মাজতো নি:সংগ কৰি অনা মানুহহালৰ বেদনা – ক্ল’জ্ আৰু মিডিয়াম লং শ্বটৰ কৌশলী প্ৰক্ষেপণে বিস্তৃত অনুভবেৰে বন্দী কৰিছে।

Soul of Silence

কোলাহল
কল্পনা লাজমীৰ বন্দিত ফিল্ম “ৰুদালী” ত, স্বামীৰ অকস্মাৎ মৃত্যুত মুক হৈ পৰা পত্নী শনিচৰীয়ে, মৃতদেহটো সমুখত লৈও কান্দিব পৰা নাছিল – অভাৱত, দাৰিদ্ৰ্যত। দুখ কৰাৰ বাবে তেওঁৰ সময় সুবিধা – এটাও নাছিল। নৈৰ পাৰত বহি বহি শনিচৰীয়ে নিজৰ খাৰুবোৰ থেকেছি ভাঙি পেলাইছিল, বৈধব্যৰ চিন স্বৰূপে।
এই একেই সুৰৰ প্ৰতিধ্বনিৰে নিৰ্মাণ হৈছে “শব্দ নিশব্দ কোলাহল” এন্হ’লজীৰ তৃতীয়খন ফিল্ম – “কোলাহল।”
বিশাল এপাৰ্টমেণ্ট এটাত কাম কৰিবলৈ যোৱা এদল শ্ৰমিক। ট্ৰাক এখনৰ পিছফালে উঠিবলৈ লওঁতেই মানুহ এজনৰ কোলাত থকা পানীকেঁচুৱাটোৱে ট্ৰাকৰ লোহা এডালত আঘাত পায়। গন্তব্য স্থান পোৱাৰ পিছতহে মানুহ হালে গম পায়, কেঁচুৱাটি ঢুকাল। অনা অসমীয়া শ্ৰমিক দলটো অনাটনত পিষ্ট। দুখ কৰিবলৈও তেওঁলোকৰ সময় কম। ভোকতকৈ ডাঙৰ কষ্ট বা দুখ হয়তো সভ্যতা বা ঈশ্বৰে মানুহক দিয়া নাই। কাৰোবাৰ অবৰ্তমানে আন এজন দৰিদ্ৰক মূহুৰ্তৰ বাবে আঘাত হানিব পাৰে, কিন্তু এই দুখে তেওঁক বন্দী কৰি থব নোৱাৰে। জীৱন চলি থাকিবলৈ বাধ্য। কাৰোবাৰ মৃত্যুত বহু সময় দি দুখ কৰাটো তেওঁলোকৰ বাবে এক অবহনক্ষম বিলাসীতা। মৃত শিশুটিৰ মাকে এই আঘাত সহিব নোৱাৰে আৰু দেউতাকজনকেই এই মৃত্যুৰ বাবে নিৰন্তৰ জগৰীয়া কৰি থাকে। তেওঁলোকৰ বিবাদ পেচালত বাকী লগৰ শ্ৰমিক সকলো বিৰক্ত হৈ উঠে। দিনটো হাড় ভঙা শ্ৰম কৰি নিশা সকলোৱে জিৰণি লব বিচাৰে। এটা অৰ্দ্ধ নিৰ্মিত ঘৰৰ ভিতৰতে একেলগে বহু শ্ৰমিকৰ থকাৰ ব্যবস্থা, গতিকে ব্যক্তিগত “স্পেছ” বুলি কাৰোঁ একো নাই। বহুতে মানুহজনক উপদেশ দিয়ে, পত্নীক আকৌ গৰ্ভৱতী কৰিবলৈ, যাতে হেৰাই যোৱা কেঁচুৱাটিৰ কথা মাকে পাহৰি থাকিব পাৰে। কিন্তু বহু চেষ্টাইও এই যন্ত্ৰণাৰ উপশম ঘটাব নোৱাৰে।
মাকগৰাকীৰ উদাস মুখ, মনৰ কান্দোনক তল পেলাই চলি থকা বৃহৎ নিৰ্মানটোৰ অহৰহ কোলাহল, আৰু এই কোলাহলে, বহু ভীৰৰ মাজতো নি:সংগ কৰি অনা মানুহহালৰ বেদনা – ক্ল’জ্ আৰু মিডিয়াম লং শ্বটৰ কৌশলী প্ৰক্ষেপণে বিস্তৃত অনুভবেৰে বন্দী কৰিছে। কলাকুশলী সকলৰ পোছাক আৰু সাজসজ্জাও নিখুঁত। এখন চলচ্চিত্ৰৰ বিশ্বাসযোগ্যতাত কষ্টিউমে বিশেষ তাৎপৰ্য বহন কৰে। সেই দিশৰ পৰা “কোলাহল” বিশ্বাসযোগ্য হৈ উঠিছে। এটি বিশেষ জনগোষ্ঠীৰ থলুৱা ভাষাৰ প্ৰক্ষেপণত কেইগৰাকীমান অভিনেতাৰ কিছু জড়তা আৰু “ফ’ৰ্ছড এফৰ্ট” লক্ষ্য কৰা যায়, যদিও ই গ্ৰাসী হৈ পৰিব পৰা নাই। কাহিনীৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি, ফিল্মখনৰ সামগ্ৰিক নিৰ্মাণ কৌশলৰ কথা বিচাৰ কৰিলে অনুভৱ হয়, যে এন্হ’লজীখনৰ আন দুটা অংশ “শব্দ” আৰু “নিশব্দ” ৰ তুলনাত এই মোখনিৰ অংশটো যেন কিঞ্চিৎ দুৰ্বল। হয়তো ই আৰু অলপ মসৃণ হব পাৰিলেহেতেন।
দেউতাকজনৰ মূহুৰ্মূহ অস্থিৰতাক প্ৰতিষ্ঠা কৰাত ফিল্মখন সৰ্বদিশতে সফল, মাথোঁ শেষত যেতিয়া তেওঁ এজন হিন্দু ধৰ্মাৱলম্বী যুৱকে মৃত মাতৃৰ শেষকৃত্যৰ বাবে পালনীয় কিছু নীতি নিয়মৰ বাবে বহুদিন ধৰি কাটিব নোৱাৰা দাড়ি চুলি, ব্ৰতৰ শেষত মুৰ খুৰাই শান্তি পোৱা বুলি কোৱা শুনে, নিজেও চুলি খুৰাই দিয়ে, যদিও তেওঁৰ ধৰ্মত সেই বিধি নাই। হিন্দু যুৱকজনৰ অশান্তি আছিল শাৰীৰিক, কিন্তু নায়কৰ দুখ আছিল মানসিক। এই দুয়োটা কথাৰ মাজত সামঞ্জস্যৰ কিছু অমিল হয়তো মনোযোগী দৰ্শকৰ দৃষ্টিত পৰিব পাৰে।
পত্নীৰ হাতত ধৰি, বহুদিনৰ অব্যক্ত শোকৰ বহিৰ্প্রকাশ বিচাৰি দুয়ো নৈৰ পাৰলৈ যায় – মাত্ৰ গুচি যোৱা আত্মজৰ শোকত উজাৰি কন্দাৰ বাবে। এই লং শ্বটটো যথেষ্ট প্ৰাসংগিক আৰু প্ৰায়োগিক মূল্যৰ দাবীদাৰ।
বহু কোলাহল, বহু মানুহ – তাৰ মাজতো নিতান্তই ব্যক্তিগত দুখ সন্তাপ প্ৰকাশ কৰিবলৈও বহু মানুহৰ সময় নাই, সময় নাই শুনিবলৈ। হয়তো সংযোগী আবেগৰ অভাৱ, নহয়তো বিড়ম্বনা। “কোলাহলে” দাৰিদ্ৰ্য আৰু সংগ্ৰামৰ এই অনিবাৰ্য অসহায়তাক চিনেমাৰ সংবেদনশীল ভাষাত, স্পৰ্শময় ৰূপত প্ৰতিষ্ঠা কৰিছে; যি টেন্টেলাছ কাপৰ দৰে – “ৱাটাৰ ৱাটাৰ এভৰিহোৱেৰ, নট এ ড্ৰপ টু ড্ৰিংক।” (দ্য ৰাইম অৱ দ্য এনছিয়েণ্ট মেৰিনাৰ, কলেৰিজ)।
“শব্দ নিশব্দ কোলাহল” এন্হ’লজী ফিল্মখনৰ তিনিওখন চলচ্চিত্ৰই, ইয়াৰ মূল ভাষ্য – ‘শব্দ’ ৰ অপাৰ শক্তিক, ইয়াৰ বিভিন্ন চৰিত্ৰৰ জীৱনধাৰা আৰু তেওঁলোকৰ সংলগ্ন পাৰিপাৰ্শ্বিক অৱস্থাৰ কেনভাচত, ভিন ভিন মাত্ৰাৰ বিস্তৃতিৰে (ডাইমেনশ্যন) প্ৰকাশ কৰিছে। খুব কম সংলাপৰ ব্যৱহাৰেৰে, চলচ্চিত্রীয় ভাষাৰ ন্যায়নিষ্ঠাক প্ৰতিষ্ঠা কৰাৰ বাবে “শব্দ নিশব্দ কোলাহল” ৰ সমগ্ৰ টিমৱৰ্ক নিশ্চয়কৈ প্ৰসংশনীয়।

One comment

Leave A Comment