• Home
  • নৃত্যশিল্পী ভানুৰশ্মিৰ ‘তেজস্বিনী’ৰ উদ্যোগত বৰ্ণাঢ্য আয়োজনেৰে ৰাষ্ট্ৰীয় শাস্ত্ৰীয় নৃত্য মহোৎসৱ
Tejaswini Dance Festival

নৃত্যশিল্পী ভানুৰশ্মিৰ ‘তেজস্বিনী’ৰ উদ্যোগত বৰ্ণাঢ্য আয়োজনেৰে ৰাষ্ট্ৰীয় শাস্ত্ৰীয় নৃত্য মহোৎসৱ

শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰখনত বিগত কেইবাবছৰ ধৰি নিৰৱাচ্চিন্নভাৱে কাম কৰি থকা সাংস্কৃতিক সংস্থা ‘তেজস্বীনি’ৰ উদ্যোগত এইবেলিও গুৱাহাটী মহানগৰীত অনুষ্ঠিত বৰ্ণাঢ্য আয়োজনেৰে সম্পন্ন হৈ যায় ‘কলা উৎসৱম্‌’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শাস্ত্ৰীয় নৃত্য মহোৎসৱ ৷ শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি, নৃত্য পটিয়সী তথা শিক্ষাৰ্থীৰ বিশাল সমাৱেশেৰে সম্পন্ন হৈ যোৱা এই নৃত্য মহোৎসৱ আয়োজন কৰা হৈছিল গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় অডিটৰিয়ামত ৷


উল্লেখ্য যে তেজস্বিনীৰ উদ্যোগত আয়োজিত হৈ অহা এই ‘কলা উৎসৱম্‌’ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ২০১৬ চনত ৷ গুৱাহাটীৰ লগতে দেশৰ অন্যান্য চহৰতো এনে মহোৎসৱৰ প্ৰয়াস অব্যাহত ৰখা ‘তেজস্বিনী’ৰ আঁৰৰ শিল্পীগৰাকী হৈছে বিশিষ্ট শাস্ত্ৰীয় নৃত্যশিল্পী তথা অভিনেত্ৰী ভানুৰশ্মি ৷ উল্লেখ্য যে অসমৰ লগতে মায়ানগৰী মুম্বাইতো নানা ধাৰাবাহিকত অভিনয় কৰি সুখ্যাতি লাভ কৰা ভানুৰশ্মিয়ে ছনী টিভিৰ বহুচৰ্চিত ধাৰাবাহিক ‘ক্ৰাইম পেট্ৰল’তো অভিনয় কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত শাস্ত্ৰীয় নৃত্যকেই মূল লক্ষ্য হিচাপে লৈ আগুৱাই যায় নৃত্যশিল্পীগৰাকী ৷ মুম্বাইৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতেও বিশেষভাৱে জড়িত থকা ভানুৰশ্মিৰ উদ্যোগতেই ২০০৮ চনত গুৱাহাটী মহানগৰীত গঢ় লৈ উঠিছিল ‘তেজস্বিনী’ নামৰ এই সামাজিক তথা সাংস্কৃতিক সংস্থা ৷ শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণৰ লগতে অসমৰ ভিন্ন প্ৰান্তলৈ এই নৃত্যশিল্পৰ প্ৰসাৰৰ ভাবে কাম কৰি আহিছে এই সংস্থাই ৷ এনে প্ৰয়াসকে অব্যাহত ৰাখি ২০১৬ চনত জন্ম হৈছিল– ‘কলা উৎসৱম্‌’ ৷ উক্ত শাস্ত্ৰীয় নৃত্য মহোৎসৱত অসমৰ লগতে মণিপুৰ, উৰিষ্যাকে আদি কৰি দেশৰ ভিন্ন প্ৰান্তৰ নৃত্য পটিয়সীসকলে অংশগ্ৰহণ কৰি আহিছে ৷ ফেষ্টিভেল ডাইৰেক্টৰ ভানুৰশ্মিৰ উদ্যোগত বিগত বছৰসমূহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই মহোৎসৱে ৰাজ্যৰ যুৱ শিল্পীসকলৰ শাস্ত্ৰীয় নৃত্যশৈলীৰ প্ৰতি আকৃষ্ট কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে শাস্ত্ৰীয় নৃত্যৰ সঠিক উপস্থাপন তথা আন বহু সুক্ষ্ম দিশৰ প্ৰতি সচেতন হবলৈকো সুযোগ প্ৰদান কৰি আহিছে শাস্ত্ৰীয় নৃত্যশিল্পীসকলক ৷
এইবাৰ অলপতে অনুষ্ঠিত হৈ যোৱা ‘সপ্তম কলা উৎসৱম্‌’ৰ অনুষ্ঠান উদ্ধোধন কৰিছিল পদ্মশ্ৰী, সংগীত নাটক অকাডেমী বঁটা বিজয়ী শিল্পী যতীন গোস্বামীয়ে ৷ অসমৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা অহা নৃত্যশিল্পীসকলেও এই মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰে৷ নৰ্থ-ইষ্ট জ’ন কালচাৰেল চেন্টাৰৰ সঞ্চালক প্ৰসন্ন গগৈ, সংগীত নাটক অকাডেমীৰ প্ৰজেক্ট ডাইৰেক্টৰ অৰূপ বৰদলৈ, অসম চৰকাৰ সাংস্কৃতিক বিভাগৰ সচিব মাধুৰীমা বৰুৱা সেনকে আদি কৰি ৰাজ্যখনৰ বহু বিশিষ্ট ব্যক্তিয়ে এই মহোৎসৱত উপস্থিত থকাৰ লগতে এনে প্ৰচেষ্টাই শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰিব বুলিও মন্তব্য কৰে ৷ মন কৰিবলগীয়া যে বিশিষ্ট নৃত্যশিল্পী ভানুৰশ্মি তথা ‘তেজস্বিনী’ৰ উদ্যোগত গ্ৰহণ কৰা এনে প্ৰয়াসক সন্মান প্ৰদৰ্শন কৰি বিগত সময়ত এই মহোৎসৱৰ সৈতে সংযুক্ত হৈছে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়, সংগীত নাটক অকাডেমী, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নৃত্যশিল্পী তথা শাস্ত্ৰীয় নৃত্যৰ প্ৰতি আগ্ৰহীসকলক সঠিক মাৰ্গদৰ্শন তথা উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ লগতে সমগ্ৰ ভাৰতৰ শাস্ত্ৰীয় নৃত্যশিল্পীসকলৰ সৈতে এক যুগসূত্ৰ স্থাপনৰ উদেশ্য আগত লৈ কাম কৰি আছে তেজস্বিনীয়ে ৷ এনে এক প্ৰয়াসৰ প্ৰতি বিগত সময়ত ৰাজ্যখনৰ সংস্কৃতিপ্ৰেমীয়ে প্ৰদৰ্শন কৰা আন্তৰিকতা তথা সহযোগিতাক কৃতজ্ঞতাৰে স্বীকাৰ কৰি ভানুৰশ্মিয়ে অনাগত সময়ত অধিক বিশাল আয়োজনেৰে এই মহোৎসৱ আয়োজনৰ হেঁপাহ পুহি ৰাখিছে৷ ‘তেজস্বিনী’ৰ এনে প্ৰচেষ্টা নিঃসন্দেহে প্ৰশংসনীয় ৷

  • জানমণি শইকীয়া

Leave A Comment