• Home
  • Category: Mobile Theatre (ভ্ৰাম্যমাণ বাৰ্তা)
buddhadev poster

নলবাৰী ৰাস মহোৎসৱলৈ আহি আছে হেঙুলৰ ‘বুদ্ধদেৱ’, চলিত নাট্যবৰ্ষৰ সবাতোকৈ সাহসিক প্ৰযোজনা

Buddhadev Posters চলিত নাট্যবৰ্ষৰ সবাতোকৈ সাহসিক তথা ব্যতিক্ৰমী প্ৰযোজনা কি বুলি প্ৰশ্ন কৰিলে উত্তৰ দিয়াটো জটিল হ’ব যদিও আমি ব্যক্তিগতভাৱে এই প্ৰশ্নৰ উত্তৰ হৈছে– ‘বুদ্ধদেৱ’৷ আগশাৰীৰ নাট্যদল হেঙুল থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হৈ থকা ‘বুদ্ধদেৱ’ নিঃসন্দেহে ভ্ৰাম্যমাণৰ দৰ্শকৰ বাবে অতিকে নতুন তথা ব্যতিক্ৰমী নাটক ৷ এনে এখন নাটক ভ্ৰাম্যমাণৰ দৰ্শকৰ মাজলৈ…

দৰ্শকৰ দৃষ্টিত অনবদ্য “পৰশুনাথৰ প্ৰেয়সী”

প্ৰেক্ষাগৃহৰ পৰা নাট উপভোগ কৰি ওলাই অহা প্ৰতিগৰাকী দৰ্শকৰ মুখত এটাই কথা - "এখন ভাল নাটক চালো‌।" দৰ্শক হিচাবে আমাৰো অনুভৱ "পৰশুনাথৰ প্ৰেয়সী" এখন অনবদ্য নাটক। এইখিনিতে থিয়েটাৰ সূৰ্য্যৰ প্ৰযোজক প্ৰশংসাৰ পাত্ৰ - কিয়নো ভ্ৰাম্যমানত এজন নতুন নাট্যকাৰ সৃষ্টি কৰাই নহয়, এখন শক্তিশালী মৌলিক নাটকো দৰ্শকক দিবলৈ সক্ষম হৈছে নবীন…
birikhor birina

ৰাজমুকুটৰ মঞ্চত চমক দিবলৈ সাজু জনপ্ৰিয় অভিনেতা উৎপল দাস, চৰ্চাত ৰাজদ্বীপৰ ‘বিৰিখৰ বিৰিণা’

কিছু বিৰতিৰ অন্তত ভ্ৰাম্যমাণৰ মঞ্চলৈ ঘুৰি আহিছে অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাস ৷ বহু চলচ্ছিত্ৰ, ধাৰাবাহিক তথা মিউজিক ভিডিঅ’ত অভিনয়েৰে অসমবাসীৰ মন জয় কৰি অহা অভিনেতাগৰাকীক এইবাৰ পুনৰ দেখা যাব ভ্ৰাম্যমাণৰ মঞ্চত ৷ ৰাজ্যৰ আগশাৰীৰ নাট্যদল ৰাজমুকুটৰ মঞ্চত উৎপল দাসক এইবাৰ দেখিবলৈ পোৱা যাব ‘বিৰিখ’ৰ ৰূপত ৷ হয়– ইতিমধ্যে ভ্ৰাম্যমাণ…
birikhor birina

দুবছৰৰ মূৰত পাপনৰ কণ্ঠত ভ্ৰাম্যমাণৰ গীত : গালে ৰাজদ্বীপৰ নাট ‘বিৰিখৰ বিৰিণা’ৰ শীৰ্ষক গীত

বিৰিখে বিৰিখে, বিৰিণাৰে বতৰা, আকাশত বিয়পে, প্ৰণয়ৰে আখৰা– অসমৰ সংগীতপ্ৰেমীৰ মুখে মুখে বিয়পি পৰিছে এই প্ৰেমৰ গীত৷ কাৰণ গীতটোত কণ্ঠ নিগৰাইছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাই তোলা অসমৰ সু-সন্তান তথা জনপ্ৰিয় সংগীতশিল্পী অংগৰাগ পাপন মহন্তই ৷ উল্লেখ্য যে এই গীতটো হৈছে এখন ভ্ৰাম্যমাণ নাটকৰ শীৰ্ষক গীত ৷ প্ৰায় দুবছৰ বিৰতিৰ…

দুবছৰীয়া প্ৰতীক্ষাৰ অন্ত : ১৯,২০,২১ মাৰ্চত যোৰহাটত আৱাহন থিয়েটাৰ

দুবছৰৰ বিৰতিৰ অন্ত পৰিল। অন্ত পৰিল নাট্যপ্ৰেমীসকলৰ অধীৰ অপেক্ষাৰ। দুটা বছৰজোৰা প্ৰতীক্ষাৰ অৱসান ঘটাই সাংস্কৃতিক নগৰী যোৰহাটলৈ আহি আছে আৱাহন থিয়েটাৰৰ। তিনিখন আকৰ্ষণীয় নাটক লৈ যোৰহাটবাসীৰ কাষ চাপিছে অসমৰ ভ্ৰাম্যমাণ জগতৰ প্ৰতিষ্ঠিত নাট্যদলটোৱে। ১৯,২০ আৰু ২১ মাৰ্চত যোৰহাট চহৰৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত নাটক প্ৰদৰ্শন কৰিব আৱাহন থিয়েটাৰে। ইতিমধ্যে তিনিওদিনৰ…

আৱাহন থিয়েটাৰৰ নাটক ‘লভিতা’ৰ আকৰ্ষণীয় Trailer চালেনে?

কৰোণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে সৃষ্টি কৰা আতংকময় পৰিস্থিতিয়ে বেয়াকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে অসমৰ ভ্ৰাম্যমাণ জগতক। অসমবাসীৰ অতিকে মৰমৰ এই উদ্যোগটোক কোঙা কৰি থৈ গ'ল এই মহামাৰীয়ে। তথাপি সকলো প্ৰত্যাহ্বান নেওচি পুনৰ ২০২২-২৩ নাট্যবৰ্ষৰ বাবে সাজু হৈছে নাট্যদলসমূহ। পাছ পৰি ৰোৱা নাই জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ নেতৃত্বাধীন আৱাহন থিয়েটাৰ। নাট্যদলটোৱে আগন্তুক নাট্যবৰ্ষত…