• Home
  • Category: Entertainment
Tejaswini Dance Festival

নৃত্যশিল্পী ভানুৰশ্মিৰ ‘তেজস্বিনী’ৰ উদ্যোগত বৰ্ণাঢ্য আয়োজনেৰে ৰাষ্ট্ৰীয় শাস্ত্ৰীয় নৃত্য মহোৎসৱ

শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰখনত বিগত কেইবাবছৰ ধৰি নিৰৱাচ্চিন্নভাৱে কাম কৰি থকা সাংস্কৃতিক সংস্থা ‘তেজস্বীনি’ৰ উদ্যোগত এইবেলিও গুৱাহাটী মহানগৰীত অনুষ্ঠিত বৰ্ণাঢ্য আয়োজনেৰে সম্পন্ন হৈ যায় ‘কলা উৎসৱম্‌’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শাস্ত্ৰীয় নৃত্য মহোৎসৱ ৷ শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি, নৃত্য পটিয়সী তথা শিক্ষাৰ্থীৰ বিশাল সমাৱেশেৰে সম্পন্ন হৈ যোৱা এই…
buddhadev poster

নলবাৰী ৰাস মহোৎসৱলৈ আহি আছে হেঙুলৰ ‘বুদ্ধদেৱ’, চলিত নাট্যবৰ্ষৰ সবাতোকৈ সাহসিক প্ৰযোজনা

Buddhadev Posters চলিত নাট্যবৰ্ষৰ সবাতোকৈ সাহসিক তথা ব্যতিক্ৰমী প্ৰযোজনা কি বুলি প্ৰশ্ন কৰিলে উত্তৰ দিয়াটো জটিল হ’ব যদিও আমি ব্যক্তিগতভাৱে এই প্ৰশ্নৰ উত্তৰ হৈছে– ‘বুদ্ধদেৱ’৷ আগশাৰীৰ নাট্যদল হেঙুল থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হৈ থকা ‘বুদ্ধদেৱ’ নিঃসন্দেহে ভ্ৰাম্যমাণৰ দৰ্শকৰ বাবে অতিকে নতুন তথা ব্যতিক্ৰমী নাটক ৷ এনে এখন নাটক ভ্ৰাম্যমাণৰ দৰ্শকৰ মাজলৈ…

কাঁন চলচ্চিত্ৰ মহোৎসৱলৈ পাপন, সীমান্ত কিয় ? পৰিচালকৰ প্ৰশ্ন : তীব্ৰ বিতৰ্ক

কাঁন চলচ্চিত্ৰ মহোৎসৱলৈ অসমৰ পৰা চৰকাৰী খৰচত কোন যাব আৰু কিয় যাব ? এই প্ৰশ্নক লৈ আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। প্ৰথমতে চাই লওক সাংবাদিক অতনু ভূঞাৰ এটা টুইট : হয়, চৰকাৰীভাৱে কাঁন চলচ্চিত্ৰ মহোৎসৱলৈ যাব পাপন, সীমান্ত শেখৰকে ধৰি ৪ গৰাকী লোক। কিন্ত কিয়? কিহৰ ভিত্তিত তেওঁলোকক যোগ্য হিচাপে বাছি…
Local utpat song

চিত্ৰগৃহলৈ আহিব ‘লোকেল উৎপাত’ : জনপ্ৰিয় হৈছে ‘আকাশ চুব খোজা’ শীৰ্ষক গীতটি

ৰাজ্যৰ চলচ্ছিত্ৰপ্ৰেমীৰ অধীৰ অপেক্ষাৰ অন্ত পেলাই মুক্তিৰ বাবে সাজু হৈছে এখন নতুন অসমীয়া ছবি ৷ অসমৰ দৰ্শকক ইতিমধ্যে নতুনত্বৰ সোৱাদ প্ৰদান কৰা পৰিচালক তথা নিৰ্মাতাগোষ্ঠীয়ে এইবাৰ অসমৰ ৰাইজলৈ আগবঢ়োৱা এই নতুন ছবিখনৰ নাম– ‘লোকেল উৎপাত’ ৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা ছবিখনে মুক্তি লাভ কৰিব ১৩ মে’ত ৷…

ৰং চেনেলত আজিৰে পৰা নতুন অসমীয়া ধাৰাবাহিক ‘অলকানন্দা’

আজিৰে পৰা সন্ধিয়া ৭ বজাত প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ বিনোদন ধৰ্মী টেলিভিছন চেনেল ৰং'ৰ নিজা প্ৰযোজনাত সম্প্ৰচাৰিত হ'ব এখন নতুন ধাৰাবাহিক । ধাৰাবাহিকখনৰ নাম - 'অলকানন্দা'। ধাৰাবাহিক খনৰ মূল চৰিত্ৰ/নায়িকা হৈছে বিৰিণা। ধাৰাবাহিক খনৰ কাহিনীভাগ এনে ধৰণৰ-বিৰিণা- এজনী সদায় হাহি স্ফুৰ্তি কৰি থকা সহজ-সৰল ছোৱালী। হঠাতে তাইৰ জীৱনলৈ একপক্ষীয় ভাৱে…

জুবিন গাৰ্গৰ নতুন অসমীয়া ছবি ‘চিকাৰ’ : লণ্ডনত হ’ব শ্বুটিং

অসমীয়া ছবি জগতৰ বাবে আন এক নতুন খবৰ কঢ়িয়াই অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে অলপতে ঘোষণা কৰিলে তেওঁৰ নতুন অসমীয়া ছবি। ছবিখনৰ নাম 'চিকাৰ'। অহা অক্টোবৰ মাহৰ পৰা চিত্ৰগ্ৰহণ হ'বলগীয়া এই ছবিখনত এক বিশেষ চৰিত্ৰত দেখিবলৈ পোৱা যাব জুবিন গাৰ্গক। ৰঙালী বিহুৰ প্ৰাকক্ষণত মহানগৰীৰ জু ৰোডৰ গুৱাহাটী চেণ্ট্ৰেল’ত নতুন অসমীয়া চলচ্চিত্ৰ…

Deeplina Deka-ৰ ভাইৰেল ভিডিঅ’ক লৈ Trolling : চৰ্চাত ৰেকৰ্ডিং ষ্টুডিঅ’ৰ Autotune

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে গায়িকা দীপলিনা ডেকাৰ এটা নতুন ভিডিঅ'। হেজাৰ হেজাৰ লোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে এই ভিডিঅ'টোক লৈ নানাজনে নানা মন্তব্য কৰা পৰিলক্ষিত হৈছে। সাধাৰণতে যেতিয়া এটা গীত বা ভিডিঅ' এনেদৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হয়, তেতিয়া ই হৈ পৰে গায়ক বা গায়িকাগৰাকীৰ কাৰণে আনন্দৰ খবৰ। পিছে এইবাৰ…

বন্ধুবৰ আদিল ! অভিনেতা Adil Hussain-ৰ এটা টুইটক লৈ দেশজুৰি বিতৰ্ক, বন্ধুৱে লিখিলে প’ষ্ট

Adil Hussain বন্ধুবৰ আদিল.. এনেকৈয়ে আৰম্ভ হৈছে এটা ফেচবুক প'ষ্ট। অথবা এই প'ষ্টটোক এখন বেছ দীঘলীয়া চিঠি বুলিও ক'ব পাৰিছে। শিৰোনামটো পঢ়িয়েই নিশ্চয় সকলোৱে ধৰিব পাৰিছে যে এই প'ষ্ট লিখা হৈছে বলিউড তথা হলিউডতো প্ৰতিষ্ঠা লাভ কৰা অসমৰ সুসন্তান অভিনেতা আদিল হুছেইনক লক্ষ্য কৰি। লিখিছে আদিলৰ এগৰাকী বন্ধু তথা অসমৰ…

ৰাইজ সাজু নে ? আহি আছে ‘বিদুৰভাই ছিজন ২’ : আকৌ নতুন সোৱাদৰ প্ৰতিশ্ৰুতি

বোলো খবৰটো পাইছেনে ? কি ক'লে ? নাই পোৱা? হেৰি, বিদুৰভাই আকৌ আহি আছে নহয়। একেবাৰে নতুন ৰূপত, নতুন সোৱাদ লৈ। হয়, অসমৰ দৰ্শকৰ মন জয় কৰাৰ লগতে ইন্টাৰনেটৰ পৃথিৱীত বহুল জনপ্ৰিয়তা লাভ কৰা অসমীয়া ৱেব ছিৰিজ 'বিদুৰভাই'ৰ ছিজন-২ শীঘ্ৰে মুক্তি লাভ কৰিব। এই বাৰ্তাই স্বাভাৱিকতে চৰ্চা লাভ কৰাৰ সময়তে…

বহুচৰ্চিত KGF-2ত গীত গালে অসমৰ প্ৰিয়ংকা ভৰালীয়ে

অসমবাসীৰ বাবে এক খুবেই উৎসাহজনক খবৰ। সমগ্ৰ ভাৰতৰ চলচ্চিত্ৰপ্ৰেমীৰ বাবেই উৎকন্ঠাৰ কেন্দ্ৰবিন্দু হৈ পৰা বিগ বাজেটৰ KGF CHAPTER-2 নামৰ ছবিখনত কণ্ঠ নিগৰাইছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী Priyanka Bharali-এ। কেইবাশ কোটি টকা বাজেটৰ এই ছবিখন মূলত: দক্ষিণ ভাৰতৰ ছবি যদিও ছুপাৰষ্টাৰ যশ অভিনীত এই ছবিখন হিন্দী ভাষাতো সমগ্ৰ দেশত মুক্তি লাভ কৰিব।…