• Home
  • ৰাইজ সাজু নে ? আহি আছে ‘বিদুৰভাই ছিজন ২’ : আকৌ নতুন সোৱাদৰ প্ৰতিশ্ৰুতি

ৰাইজ সাজু নে ? আহি আছে ‘বিদুৰভাই ছিজন ২’ : আকৌ নতুন সোৱাদৰ প্ৰতিশ্ৰুতি

বোলো খবৰটো পাইছেনে ? কি ক’লে ? নাই পোৱা? হেৰি, বিদুৰভাই আকৌ আহি আছে নহয়। একেবাৰে নতুন ৰূপত, নতুন সোৱাদ লৈ। হয়, অসমৰ দৰ্শকৰ মন জয় কৰাৰ লগতে ইন্টাৰনেটৰ পৃথিৱীত বহুল জনপ্ৰিয়তা লাভ কৰা অসমীয়া ৱেব ছিৰিজ ‘বিদুৰভাই’ৰ ছিজন-২ শীঘ্ৰে মুক্তি লাভ কৰিব। এই বাৰ্তাই স্বাভাৱিকতে চৰ্চা লাভ কৰাৰ সময়তে চিনেবাৰ্তা ডট ইনৰ তৰফৰ পৰাও এই শুভবাৰ্তা আপোনালোকক দিবলৈ পাই আমি যথেষ্ট উৎসাহিত। কাৰণ সঁচা অৰ্থত এই ব্যতিক্ৰমী ছিৰিজে অসমৰ সকলো স্তৰৰ দৰ্শকৰ সমাদৰ লাভ কৰিছিল। আকৰ্ষণীয় কাহিনী, বাস্তৱিক চিত্ৰনাট্য তথা সুন্দৰ পৰিকল্পনা আছিল এই ছিৰিজৰ আটাইতকৈ উল্লেখনীয় দিশ।

poster : season 1

যেতিয়া দেশৰ ভিন্ন প্ৰান্তত ইউটিউবৰ মাধ্যমেৰে বহু কালজয়ী কিম্বা বহুল জনপ্ৰিয় সৃষ্টিশীল কাম বিশ্ববাসীয়ে লাভ কৰিব ধৰিছে, সেই সময়তে আমাৰ অসমৰ পৰা তেনে কোনো উল্লেখনীয় পদক্ষেপ বিগত সময়ত পৰিলক্ষিত হোৱা নাছিল। কিন্তু এই অভাৱ পূৰণ কৰিলে এজাক নতুন প্ৰজন্মৰ শিল্পী, কলা-কুশলীয়ে। তেওঁলোকৰ আশাসূধীয়া প্ৰচেষ্টাত অসমবাসীয়ে লাভ কৰিলে এক নিঁভাজ অসমীয়া অথচ নতুন চিন্তাৰে নিৰ্মিত এক ৱেব ছিৰিজ – ‘বিদুৰভাই’।

মুক্তিৰ কিছুদিনৰ ভিতৰতে এই ৱেব ছিৰিজখনে যি ধৰণৰ বহুল জনপ্ৰিয়তা লাভ কৰিলে, সেয়া আছিল সঁচা অৰ্থত অভূতপূৰ্ব। অসমৰ সকলো প্ৰান্তৰ দৰ্শকৰ মাজত এই ৱেব ছিৰিজখনে জনপ্ৰিয়তা লাভ কৰাৰ লগতে ঘৰে-ঘৰে অথবা গধূলিৰ আড্ডাতো আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিল বিদুৰভাইৰ সৈতে জড়িত বিভিন্ন কথা। এয়া নি:সন্দেহে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে আছিল নতুন বাটৰ আৰম্ভণী। ৰাইজৰ সেই মৰম আৰু সঁহাৰিকে আধাৰ হিচাপে পুনৰ শিল্পীৰ দলটো সাজু হৈছে বিদুৰভাই ছিজন-২ক লৈ।

Still from Bidurbhai Season 2
Official Trailer : Bidurbhai

বিদুৰভাই ছিজন-২ক লৈ যথেষ্ট আশাবাদী ইয়াৰ সৈতে জড়িত প্ৰত্যেকজন শিল্পী, কলা-কুশলী। আশাবাদী অসমৰ দৰ্শক সমাজো। প্ৰথমটো ছিজনৰ দৰেই এইবাৰো ছিৰিজটোৱে দৰ্শকক মনোৰঞ্জনৰ নতুন পৃথিৱীলৈ লৈ যাব সকলো উৎসাহী হৈ পৰিছে।

পিছে আপুনি ? আপুনি কি ভাবে ? বিদুৰভাই ছিজন-২ক লৈ আপুনি কিমান আশাবাদী ? লিখি পঠিয়াওক আমালৈ। আমাৰ ই-মেইল আই ডি : cinebarta100@gmail.com

Leave A Comment