• Home
  • The Kashmir Files-ৰ আগতেই নেলীৰ ঘটনাক লৈ নিৰ্মাণ হৈছিল ছবি, কিন্তু…
Cinebarta The Kashmir Files Rainbow Fields2

The Kashmir Files-ৰ আগতেই নেলীৰ ঘটনাক লৈ নিৰ্মাণ হৈছিল ছবি, কিন্তু…

বলিউডত নিৰ্মাণ হোৱা আন কোনো ছবিক লৈ সমগ্ৰ ভাৰতবৰ্ষত ইমান চৰ্চা তথা বিতৰ্ক হোৱা মনত নপৰে, যিমান চৰ্চা শেহতীয়া ছবি The Kashmir Files-ক কেন্দ্ৰ কৰি পৰিলক্ষিত হৈছে ৷ যোৱা ১১ মাৰ্চত মুক্তি লাভ কৰা এই ছবিখনে বক্স অফিচত সৃষ্টি কৰিছে একপ্ৰকাৰৰ ধুমুহা ৷ মাত্ৰ ১৪ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা এই ছবিখনে বিশাল জনপ্ৰিয়তা লাভ কৰাৰ লগতে এই প্ৰতিবেদন যুগুতাই থকা সময়লৈকে ছবিখনে প্ৰায় ২১০.৪০ কোটি টকা উপাৰ্জন কৰিছে ৷ এয়া সঁচা অৰ্থত কোনো ছবিৰ বাবে ঈৰ্ষণীয় সফলতা ৷ ইতিমধ্যে আমি সকলোৱে জানিব পাৰিছো যে ছবিখনে এনে চৰ্চা আৰু জনপ্ৰিয়তা লাভৰ মূল কাৰণটো হৈছে ছবিখনৰ বিষয়বস্তু ৷ কাৰণ ছবিখনত কোন ষ্টাৰ, ছুপাৰষ্টাৰ আছে, কেইটা গান আছে, কোন কোন লোকেচনত চিত্ৰগ্ৰহণ কৰা হৈছে ইত্যাদি ইত্যাদি বিষয়তকৈ চৰ্চাৰ বিষয় হৈ পৰিছে ছবিখনৰ কাহিনীৰ আধাৰ ৷ ‘দ্য কাশ্মীৰ ফাইলছ’ নিৰ্মাণ কৰা হৈছে ১৯৯০ চনত কাশ্মীৰত সংঘটিত লোমহৰ্ষক ঘটনাৰ আধাৰত ৷

Official trailer of The Kashmir Files

উক্ত সময়ছোৱাত কিদৰে কাশ্মীৰৰ পণ্ডিতসকলে নিজৰ ঘৰ-দুৱাৰ এৰি গুচি আহিবলৈ বাধ্য হৈছিল, কিদৰে তেওঁলোকৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱা হৈছিল, সেই জলন্ত ঘটনাসমূহ হুবহু পদাৰ্ত তুলি ধৰা বুলি দাবী কৰিছে ছবিখনৰ পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে ৷ দাবী কৰিছে বুলি এইকাৰণেই কৈছো কাৰণ এচামে ছবিখনক তীব্ৰভাষাৰে সমালোচনা কৰি ছবিখনক অৰ্ধসত্য বুলিও অভিযোগ তুলিছে ৷ তেওঁলোকৰ মতে– ছবিখনৰ মূল উদেশ্য সামাজিক বা আৱেগিক নহয়, এয়া ৰাজনৈতিক সমীকৰণ৷ সমগ্ৰ দেশতেই এনে ভিন্ন মত শুনিবলৈ পোৱা গৈছে ৷ বাদ পৰি ৰোৱা নাই আমাৰ অসমভূমিও ৷ অসমতো যিদৰে ছবিখনৰ সপক্ষে প্ৰবল জনমতৰ সৃষ্টি হৈছে, যিদৰে ছবিখন চোৱাৰ বাবে দৰ্শকৰ মাজত হেতা-ওপৰা পৰিলক্ষিত হৈছে, একেদৰে আন এচামে ছবিখনক সমালোচনাৰ লক্ষ্য কৰি লৈছে ৷ তেওঁলোকে ছবিখনত দেখুওৱা ঘটনাৱলীৰ সত্যতা নস্যাৎ কৰা নাই যদিও তেওঁলোকৰ দাবী হৈছে– কাশ্মীৰৰ ঘটনাক লৈ যদি ছবি নিৰ্মাণ কৰা হৈছে, তেনেহ’লে অসমৰ নেলীৰ ঘটনাক লৈ কিয় ছবি নিৰ্মাণ হোৱা নাই ৷ The Kashmir Files-ক আক্ৰমণ কৰি তেওঁলোকে কৈছে– আছাম ফাইলছ বা নেলী ফাইলছ কিয় নিৰ্মাণ হোৱা নাই?

Question over ‘NELLIE FILES’ ?

ইয়াতেই ক্ষান্ত নাথাকি তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে– সকলো পৰ্যায়ৰ বিজেপি নেতা-কৰ্মীয়ে ছবিখনৰ প্ৰচাৰত আগভাগ লোৱা কাৰ্যকো সমালোচনা কৰিছে ৷ ছবিখনৰ বিৰোধী সমাজৰ প্ৰশ্নবাণ – কাশ্মীৰৰ পণ্ডিতক লৈ যদি ‘দ্য কাশ্মীৰ ফাইলছ’ নিৰ্মাণ হ’ব পাৰে, তেন্তে নেলীৰ ঘটনাক লৈ ‘দ্য নেলী ফাইলছ’ কিয় হ’ব নোৱাৰে? স্বাভাৱিকতে এনে যুক্তিক লৈ চৰ্চা ক্ৰমে বৃদ্ধি পাইছে ৷ কিন্তু এনে যুক্তি উত্থাপন কৰি থকাসকল অৱগত নহয় যে The Kashmir Files-নিৰ্মাণ হোৱাৰ বহু আগতেই নেলীৰ ঘটনাক লৈ এখন পূৰ্ণপৰ্যায়ৰ ছবি অৰ্থাৎ ফিচাৰ ফিল্ম নিৰ্মাণ হৈছে ৷ আনকি ছবিখন চিত্ৰগৃহতো মুক্তি দিয়া হৈছিল ৷ এতিয়া হয়তো বহুতেই ভাবিছে যে ছবিখন অসমৰ নহয় ৷ কিন্তু সেইসকলক আচৰিত কৰি আমি ‘চিনেবাৰ্তা ডট ইন’ৰ এই বিশেষ প্ৰতিবেদনত দাঙি ধৰিব বিচাৰিছো নেলীৰ ঘটনাক লৈ নিৰ্মিত ছবিখনৰ বিভিন্ন দিশ ৷

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল– ছবিখন অসমীয়া ভাষাৰ ছবিয়েই আছিল আৰু ছবিখন অসমতো মুক্তি লাভ কৰিছিল ৷ ছবিখনৰ নাম ক’ব পাৰিবনে? ছবিখনৰ নাম আছিল– ‘শৈশৱতে ধেমালিতে’৷ ইংৰাজীত নামকৰণ কৰা হৈছিল ‘ৰেইনবো ফিল্ডছ’ [Rainbow Fields) ৷

ছবিখন অসমীয়া ভাষাৰ ছবিয়েই আছিল আৰু ছবিখন অসমতো মুক্তি লাভ কৰিছিল৷ ছবিখনৰ নাম আছিল– ‘শৈশৱতে ধেমালিতে’৷ ইংৰাজীত নামকৰণ কৰা হৈছিল ‘ৰেইনবো ফিল্ডছ’ [Rainbow Fields) ৷

আশীৰ দশকত নেলীত সংঘটিত ঘটনাৰ আলমতেই ছবিখনৰ কাহিনী আৰু চৰিত্ৰসমূহ ৰচনা কৰা হৈছিল ৷ ছবিখনৰ পৰিচালক আছিল বিদ্যুত কটকী৷ মন কৰিবলগীয়া বিষয়টো হ’ল ‘দ্য কাশ্মীৰ ফাইলছ’ নিৰ্মাণ হোৱাৰ বহু বছৰ আগতেই নিৰ্মাণ কৰা হৈছিল নেলীকেন্দ্ৰিক সেই ছবিখন ৷ ২০১৬ চনতে নিৰ্মাণ কৰা হৈছিল ‘শৈশৱতে ধেমালিতে’ নামৰ সেই ছবিখন আৰু ছবিখন অসমৰ বিভিন্ন চিত্ৰগৃহত মুক্তি দিয়া হৈছিল ২০১৮ চনত ৷

নেলীৰ ঘটনাই মনত বিৰূপ প্ৰভাৱ পেলোৱা এচাম শিশুৰ দৃষ্টিকোণৰ পৰা ছবিখনৰ কাহিনী প্ৰস্তুত কৰা হৈছিল ৷ ছবিখনৰ বিষয়ে আপোনালোকে জানেনে? এচামে হয়তো ভাবিছে ছবিখনত কোনো নামজ্বলা শিল্পী নাছিল অথবা খুবেই কম বাজেটৰ আছিল ৷ ওহোঁ, একেবাৰেই নহয় ৷ ছবিখনত অভিনয় শিল্পীৰ তালিকাখনৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব ৷ ছবিখনত অভিনয় কৰিছিলবংগৰ প্ৰবাদপ্ৰতীম অভিনেতা তথা বলিউডৰো চিনাকী মুখ ভিক্টৰ বেনাৰ্জীয়ে। কেৱল তেৱেই নহয়, লগতে আছিল অসমৰ বৰেণ্য অভিনেতা নিপন গোস্বামীৰ লগতে বলিউডত খ্যাতি লাভ কৰা অসম কন্যা দ্বিপান্বিতা শৰ্মা, বলিউডৰ প্ৰখ্যাত অভিনেতা নাৱেদ আছলাম, নকুল বৈদ্য, অসমৰ নিকুমণি বৰুৱা, পঞ্চি বৰা আদিৰ দৰে উৎকৃষ্ট মানৰ শিল্পী ৷

আনকি ছবিখনক লৈ ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত কিছু আলোচনাও হৈছিল ৷ ইয়াৰে ভিতৰত এটা উল্লেখনীয় প্ৰতিবেদন প্ৰকাশ পাইছিল ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ নামৰ কাকতখনত ৷ উক্ত প্ৰতিবেদনত কোৱা হৈছিল যে ৩৫বছৰৰ পাছত নেলীৰ ঘটনাক লৈ নিৰ্মাণ কৰা হৈছে ‘শৈশৱতে ধেমালিতে’ নামৰ ছবিখন ৷

Coverage of The Indian Express on ‘Rainbow Fields’

OFFICIAL TRAILER of RAINBOW FIELDS

TRAILER OF RAINBOW FIELDS

93 মিনিট দৈঘ্যৰ্ৰ এই ছবিখনে বিদেশৰ কোনো কোনো চলচ্ছিত্ৰ মহোৎসৱত বঁটা-বাহন জিকিবলৈও সক্ষম হৈছিল ৷ কিন্তু অসমত? অসমত কি হৈছিল ছবিখনৰ অৱস্থা? ছবিখনে অসমৰ চিত্ৰগৃহত দৰ্শকৰ মুখ দেখিবলৈ সক্ষম হৈছিল নে?– উত্তৰটো নকলেও বুজিব পাৰি৷ নেলীৰ ঘটনাক লৈ চিনেমা কিয় নিৰ্মাণ নহয় অথবা ‘দ্য নেলী ফাইলছ’ নিৰ্মাণ হলেহে আমি চাম বুলি ছচিয়েল মিডিয়াত সদম্ভে ঘোষণা কৰি থকাসকলে ‘শৈশৱতে ধেমালিতে’ নামৰ ছবিখন চাবলৈ চিত্ৰগৃহলৈ গৈছিলনে ?

যোৱা নাছিল, কাৰণ যোৱা হ’লে তেওঁলোক অন্ততঃ অৱগত হ’লহেতেন যে নেলীৰ ঘটনাক লৈ ইতিমধ্যে ছবি নিৰ্মাণ হৈছে৷ কিন্তু ছবিখনে অসমৰ সমাজত কোনো প্ৰভাৱেই বিস্তাৰ কৰিব নোৱাৰিলে অথবা এনেকৈয়ো ক’ব পাৰি যে ছবিখনৰ বিষয়ে অসমৰ ৰাইজে গমেই নাপালে বা এতিয়াও নাজানে৷

( এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত যিকোনো মতামত আমালৈ লিখি পঠিয়াব পাৰে ৷ আমাৰ মেইল আইডি : cinebarta100@gmail.com)

Leave A Comment