অসমীয়া ছবি জগতৰ বাবে আন এক নতুন খবৰ কঢ়িয়াই অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে অলপতে ঘোষণা কৰিলে তেওঁৰ নতুন অসমীয়া ছবি। ছবিখনৰ নাম ‘চিকাৰ’। অহা অক্টোবৰ মাহৰ পৰা চিত্ৰগ্ৰহণ হ’বলগীয়া এই ছবিখনত এক বিশেষ চৰিত্ৰত দেখিবলৈ পোৱা যাব জুবিন গাৰ্গক।
ৰঙালী বিহুৰ প্ৰাকক্ষণত মহানগৰীৰ জু ৰোডৰ গুৱাহাটী চেণ্ট্ৰেল’ত নতুন অসমীয়া চলচ্চিত্ৰ “চিকাৰ”ৰ নাম ঘোষণা তথা পোষ্টাৰ মুকলি কৰা হয়। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে মুকলি কৰে নতুন অসমীয়া ছবিখনৰ প্ৰথম পোষ্টাৰ। বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ প্ৰযোজনাত নিৰ্মিত ছবিখনিৰ কাহিনী আৰু পৰিচালনা কৰিছে বিগত ২৫ বছৰে অসমীয়া ছবিজগতত সম্পাদক হিচাপে পৰিচিত দেবাংকৰ বৰগোঁহাইয়ে।
- নৃত্যশিল্পী ভানুৰশ্মিৰ ‘তেজস্বিনী’ৰ উদ্যোগত বৰ্ণাঢ্য আয়োজনেৰে ৰাষ্ট্ৰীয় শাস্ত্ৰীয় নৃত্য মহোৎসৱ
- নলবাৰী ৰাস মহোৎসৱলৈ আহি আছে হেঙুলৰ ‘বুদ্ধদেৱ’, চলিত নাট্যবৰ্ষৰ সবাতোকৈ সাহসিক প্ৰযোজনা
- দৰ্শকৰ দৃষ্টিত অনবদ্য “পৰশুনাথৰ প্ৰেয়সী”
- ৰাজমুকুটৰ মঞ্চত চমক দিবলৈ সাজু জনপ্ৰিয় অভিনেতা উৎপল দাস, চৰ্চাত ৰাজদ্বীপৰ ‘বিৰিখৰ বিৰিণা’
কাৰ্যবাহী প্ৰযোজক প্ৰয়াত ৰতন লহকৰৰ সুযোগ্য সন্তান প্ৰণৱ লহকৰ। বিশেষকৈ লণ্ডনত আৰু কিছু অংশ অসমত দৃশ্যগ্ৰহণ কৰিবলগীয়া “চিকাৰ”ৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱক হিচাপে দেখিবলৈ পোৱা যাব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক। ছবিখনিৰ সংগীত পৰিচালকো জুবিন গাৰ্গ। অন্য দুটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব জনপ্ৰিয় শিল্পী সিদ্ধাৰ্থ শৰ্মা(কে কে) আৰু দ্বীপজ্যোতি কেওঁট(মোহন)ক। “চিকাৰ”ৰ কাহিনী দেৱাংকৰ বৰগোহাঁইৰ, চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈ, বেদান্তৰ। দৃশ্যগ্ৰহণকাৰী জন ৰেগ্ৰেট। বিহুৰ পাছতেই প্ৰি-প্ৰডাকচনৰ কাম আৰম্ভ হ’বলগীয়া ছবিখনি অহা বছৰৰ ফেব্ৰুৱাৰীত চিত্ৰগৃহলৈ অহাৰ কথা।
- নৃত্যশিল্পী ভানুৰশ্মিৰ ‘তেজস্বিনী’ৰ উদ্যোগত বৰ্ণাঢ্য আয়োজনেৰে ৰাষ্ট্ৰীয় শাস্ত্ৰীয় নৃত্য মহোৎসৱ
- নলবাৰী ৰাস মহোৎসৱলৈ আহি আছে হেঙুলৰ ‘বুদ্ধদেৱ’, চলিত নাট্যবৰ্ষৰ সবাতোকৈ সাহসিক প্ৰযোজনা
- দৰ্শকৰ দৃষ্টিত অনবদ্য “পৰশুনাথৰ প্ৰেয়সী”
- ৰাজমুকুটৰ মঞ্চত চমক দিবলৈ সাজু জনপ্ৰিয় অভিনেতা উৎপল দাস, চৰ্চাত ৰাজদ্বীপৰ ‘বিৰিখৰ বিৰিণা’
- দুবছৰৰ মূৰত পাপনৰ কণ্ঠত ভ্ৰাম্যমাণৰ গীত : গালে ৰাজদ্বীপৰ নাট ‘বিৰিখৰ বিৰিণা’ৰ শীৰ্ষক গীত