• Home
  • বন্ধুবৰ আদিল ! অভিনেতা Adil Hussain-ৰ এটা টুইটক লৈ দেশজুৰি বিতৰ্ক, বন্ধুৱে লিখিলে প’ষ্ট

বন্ধুবৰ আদিল ! অভিনেতা Adil Hussain-ৰ এটা টুইটক লৈ দেশজুৰি বিতৰ্ক, বন্ধুৱে লিখিলে প’ষ্ট

Adil Hussain

বন্ধুবৰ আদিল.. এনেকৈয়ে আৰম্ভ হৈছে এটা ফেচবুক প’ষ্ট। অথবা এই প’ষ্টটোক এখন বেছ দীঘলীয়া চিঠি বুলিও ক’ব পাৰিছে। শিৰোনামটো পঢ়িয়েই নিশ্চয় সকলোৱে ধৰিব পাৰিছে যে এই প’ষ্ট লিখা হৈছে বলিউড তথা হলিউডতো প্ৰতিষ্ঠা লাভ কৰা অসমৰ সুসন্তান অভিনেতা আদিল হুছেইনক লক্ষ্য কৰি। লিখিছে আদিলৰ এগৰাকী বন্ধু তথা অসমৰ এগৰাকী সু-প্ৰতিষ্ঠিত সাংস্কৃতিক কৰ্মীয়ে। কিন্তু কিয় লিখা হৈছে এই প’ষ্ট? কি উদ্দেশ্য এই প’ষ্টৰ? – এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি যাব লাগিব ইয়াত উৎসলৈ। এই সমগ্ৰ ঘটনাৰ মূল উৎস হৈছে আদিল হুছেইনৰ এটা Tweet ।

১৮ মাৰ্চ ২০২২। নিশা তেতিয়া সময় ১০.১৭। জনপ্ৰিয় মাইক্ৰ’ ব্লগিং ছাইট Twitter-ত এটা টুইট ভাঁহি আহিল। এই বিশেষ টুইটটো আছিল আদিল হুছেইনৰ। যেতিয়া সমগ্ৰ দেশত The Kashmir Files ছবিখনক কেন্দ্ৰ কৰি এফালে প্ৰবল জনপ্ৰিয়তা আৰু আনফালে তুমূল বিতৰ্কৰ সৃষ্টি হৈছে, সেই সময়তে আদিল হুছেইনৰ এই টুইটটো আছিল বিশেষভাৱে গুৰুত্বপূৰ্ণ। আদিলে যদিও টুইটতো The Kashmir Files ছবিখনৰ নাম উল্লেখ কৰা নাছিল, তথাপি সহজতে ধাৰণা কৰিব পৰা গৈছিল যে অভিনেতাজনে ছবিখনক লৈয়েই নিজৰ মন্তব্য আগবঢ়াইছিল। কিন্তু কি আছিল সেই টুইটটোত ? কি লিখিছিল আদিল হুছেইনে ?

এয়া আছিল সেই বিশেষ Tweet :

Tweet of Adil Hussain

আদিল হুছেইনে মূলত: টুইটটোত লিখিছিল যে সত্য কোৱাটো নি:সন্দেহে জৰুৰী। সত্য কোৱাটো সমাজৰ বাবে দৰকাৰী। কিন্তু সত্য কোৱাৰ ধৰণটো উগ্ৰ হ’ব নালাগে। নম্ৰভাৱে উপস্থাপন নকৰিলে সত্য কোৱাৰ যি সৌন্দৰ্যতা, সেই সৌন্দৰ্যতা হেৰাই যোৱাৰ ভয় থাকে। গতিকে কোনো সত্য উপস্থাপন কৰোতে আমি সচেতন হ’ব লাগে যাতে আমাৰ এনে পদক্ষেপে সমাজখনক ক্ষতি কৰিব পৰা কোনো কাম নকৰে। কলাক কেতিয়াও সমাজক অনিষ্ট কৰা আহিলা হিচাপে ব্যৱহাৰ কৰিব নালাগে।

আদিলৰ এই টুইটটোক লৈ সমগ্ৰ দেশৰ পৰা নানা প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়। নানা ধৰণৰ সমালোচনাৰে আদিলক থকা-সৰকা কৰাও পৰিলক্ষিত হয়। The Kashmir Files ছবিখনক আদিলে সমালোচনা কৰা বুলিয়েই অভিনেতাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়। এচামে আনকি প্ৰসংগক্ৰমে আদিলৰ ধৰ্মকো কথাৰ মাজলৈ টানি আনে। আদিল হুছেইনৰ টুইটটোত ভিন্নজনে কৰা মন্তৱ্যসমূহ পঢ়িলেই ভিন্নজনৰ এনে ক্ষোভ অনুভৱ কৰিব পাৰিব।

Tweet ৰ প্ৰতিক্ৰিয়াসমূহ সঁচাকৈয়ে অতি উগ্ৰ আছিল

অভিনেতাগৰাকীয়ে কাশ্মীৰৰ পণ্ডিতসকলৰ মৰ্মবেদনা উপলব্ধি নকৰা বুলি মন্তব্য কৰাৰ লগতে এচামে অতি উগ্ৰভাৱে সমালোচনা কৰি কয় যে আদিল মুছলমান হোৱাৰ বাবেই তেওঁ কাশ্মীৰি পণ্ডিতক সমৰ্থন কৰাৰ পৰিৱৰ্তে আতংকবাদীসকলৰ পক্ষ লৈছে।

লক্ষ্যণীয়ভাৱে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আদিল হুছেইনৰ এই টুইট তথা কাশ্মীৰ ফাইলছ ছবিখনক লৈ গ্ৰহণ কৰা স্থিতিক কঠোৰভাৱে সমালোচনা কৰা পৰিলক্ষিত হয়। অসমৰ বহুজনে মুকলিকৈ ছচিয়েল মিডিয়াত আদিলক আক্ৰমণৰ লক্ষ্য কৰি লয়।

এজনে লিখিছে : ‘The Kashmir Files में मुसलमानों को गुनहगार नहीं दिखाया गया है जो इतनी मिर्ची लग रही सभी को। जिन्होंने नरसंहार किया है उनके खिलाफ दिखाया गया है लेकिन एक विशेष वर्ग उन गुनहगारों की तुलना खुद से करके खुद ही मनगढ़ंत सोच बना रहा जिसका कोई इलाज नहीं है।’

আনজনে লিখিছে : Tenderly cut some one with mechanical saws and tenderly send bullets through their hearts and gently rip their innards and gently open their skulls with stones while gently they are thrown out of their houses with gentle threats. Truth can be uncomfortable and we need to face it.

সমালোচনা, প্ৰতি-সমালোচনাৰ এনে যুদ্ধ চলি থকাৰ মাজতে আদিল হুছেইনক উদ্দেশ্যি ফেচবুকত এটা দীঘলীয়া প’ষ্ট লিখিছে অসমৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী নৰেন পাটগিৰিয়ে।

বন্ধুবৰ আদিল…

নৰেন পাটগিৰিয়ে লিখা এই ফেচবুক প’ষ্টটোৰ পূৰ্ণপাঠ আছিল এনেধৰণৰ :

” বন্ধুবৰ আদিল…… অভিনেতা আদিল হুছেইন মোৰ প্ৰায় দুকুৰি বছৰীয়া বন্ধু। এই বন্ধুত্ব হৃদয়ৰ। ১৯৯০ চন। আদিল নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ। তেওঁৰ হোষ্টেলত গৈ থাকো। কেন্টিনত খাওঁ। জুলাই মাহত বন্ধৰ বাবে বেছিভাগ ছাত্ৰ হোষ্টেলত নাই। ‘অ’থেলো ব্লেক আণ্ড হোৱাইট’ নাটকৰ বিখ্যাত পৰিচালক ৰয়ষ্টেনৰ বিচনাখনত শুওঁ। আদিলে বিখ্যাত নাট্যবোদ্ধা বেৰী জনৰ পৰা ৰাতিপুৱা শৰীৰ চৰ্চাৰ পাঠ লোৱাৰ বাবে ঘৰলৈ যোৱা নাই। তেওঁ অতি পৰিশ্ৰমী আৰু গ্ৰন্থৰ সঁচা অনুৰাগী।


নাটকৰ স্নাতক ডিগ্ৰী লৈ আদিল গুৱাহাটীলৈ আহিল। থকাৰ ঠিকনা নাই, খোৱাৰ থিক নাই, কাম বিচাৰি টলৌ টলৌকৈ ঘুৰি ফুৰে। তেওঁ কেইদিনমান মোৰ ভাড়া ঘৰত আছিল। গণনাট্য সংঘৰ পৰা মোৰ বাটৰ নাট ‘আৰু এদল একলব্য’ত আদিলৰ মুখ্য চৰিত্ৰ ; গুণাকৰ গোস্বামী, ধনঞ্জয় দেৱনাথ, সিদ্ধাৰ্থ মুখাৰ্জি আদি অভিনয় শিল্পী। গুৱাহাটী আৰু অসমৰ বহু ঠাইত নাটকখন কৰিছোঁ। আদিলে ডাঙৰকৈ সপোন দেখা লৰা ; ওপৰলৈ উঠাৰ বাবে উচ্চাকাংক্ষী। অভিনয় প্ৰতিভাই আদিলক আন্তৰ্জাতিক খ্যাতি দিছে। বিশ্বই আদিলক শ্ৰদ্ধা আৰু সন্মান কৰে । আমি আদিলক লৈ গৰ্ব কৰো। আদিল অসমীয়া।


সম্প্ৰতি ‘কাশ্মীৰ ফাইল’ ছবিখনক এটা বৌদ্ধিক আৰু শিল্প সন্মত মন্তব্য কৰাৰ বাবে চ’চিয়েল মিডিয়াত আদিলক বেয়া বেয়াকৈ গালি দিছে। কথাছবি এখন চাই ভাল-বেয়া মন্তব্য কৰাৰ অধিকাৰ সংবিধান প্ৰদত্ত। ভাল বুলি কবই লাগিব, বেয়া বুলি কলে গালি-গালাজ কৰা হব। মানুহৰ বাক স্বাধীনতা খৰ্ব কৰা হব। কোনো ধৰ্মই মানুহক গোড়া বা কট্টৰ হবলৈ নিশিকায় ; সকলো ধৰ্মৰে উদাৰ , সহনশীল দৃষ্টিভংগী আছে। হিন্দু ধৰ্ম আন ধৰ্মতকৈ বেছি উদাৰ । গোড়ামি কম। একেটা ধৰ্মতে কিমান মত, কিমান পথ ! ভাৰত দেশখনৰ দৰেই বৈচিত্ৰময়। ইয়াত মনুও আছে, চাৰ্বাকো আছে ; বুদ্ধও আছে ; শংকৰদেৱো আছে। গীতা-কোৰান-বাইবেলৰ জ্ঞান চৰ্চাৰ ঠাই ভাৰত।
এইবাবেই আদিলে কোৰান-গীতা -বাইবেল পঢ়ে; গীতাৰ বিশেষ অংশক লৈ নাটক কৰে। এই নাটখনিত আদিলে অৰ্জুন আৰু তেওঁৰ যোগ-মেডিটেচনৰ গুৰু দিলীপ শংকৰজীয়ে কৃষ্ণৰ অভিনয় কৰে ; আদিলৰ পৰামৰ্শদাতা ঋষি অৰবিন্দ আশ্ৰমৰ গুৰু স্বপন বসু। এটা সাক্ষাৎকাৰত কোৱা শুনিছো, আদিলে ৰামকৃষ্ণ পৰমহংসৰ দৰ্শণ অধ্যয়ন কৰি আছে। এগৰাগী অভিনেতাই মানুহৰ মন আৰু চৰিত্ৰ বুজিবলৈ যিকোনো বিষয় পঢ়াশুনা কৰাতো জৰুৰী।

ভায়া-মামা,খালীদ তৈয়বজীৰ পৰা বেৰী জন – তেওঁৰ নাটকৰ শিক্ষক। বহু আন্তৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত আদিল, এটা আন্তৰ্জাতিক ব্যক্তিত্ব। আৰুনো কি কম ? কাৰোবাক ভালদৰে নজনাকৈ গালি-গালাজ কৰাতো , ভাতৰ লগত পানী খোৱাৰদৰে কথা হ’ল। ই কি বিচিত্ৰ দেশ চ্যেলুকচ !..”

উক্ত ফেচবুক প’ষ্টটোত বিভিন্নজনে ভিন্ন ধৰণে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। নন্দিতা পাতৰ নামৰ এগৰাকীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰি লিখিছে যে শিল্পীয়ে সদায় জনগণক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে শিল্প সৃষ্টি কৰা উচিত , যিটো ভূপেনদাই গীতৰ জৰিয়তে কৰি গৈছিল ৷ সমাজখন ভাঙোনমুখী পথেৰে অগ্ৰসৰ হোৱা দেখিলে প্ৰকৃত শিল্পীয়ে অস্বস্তি অনুভৱ কৰি মনৰ শংকা প্ৰকাশ কৰে, আদিল হুছেইনেও সেয়াই কৰিছে ৷ শিল্পীয়ে সদায় আগতে চিন্তা কৰে , সাধাৰণ মানুহে ঘটনা এটা হৈ যোৱাৰ পিছতহে হৈ চৈ কৰে ৷ একেদৰে আন বহুতে কৰা মন্তব্যসমূহ এনেধৰণৰ :

Purbani Goswami : দেশত এতিয়া সৰহ সংখ্যকেই ভীষ্ম আৰু গান্ধাৰীৰ ভাও লৈছে। ভাল লাগিল নৰেনদা আপুনি এইখিনি লিখাৰ বাবে। আদিল হুছেইনৰ দৰে ব্যক্তিয়ে পোৱা ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় প্ৰশংসা, বঁটা-বাহন হে কিছু ‘ভাৰতীয় অসমীয়া’ৰ বাবে গ্ৰাহ্য। আনসময়ত তেওঁলোক মিঞা!!

Jinti Rani Deka : চাৰ..আদিল হুছেইনৰ দৰে মানুহৰেই যেতিয়া এনে দশা হয়..আমি কেনে বিচিত্ৰ দেশত আছোঁ সহজেই অনুমেয়!

Nilamoni Sarmah : ভাৰ্চুৱেল জগতখনত বিচৰণ কৰা সৰহ সংখ্যকৰে তুলুঙা মন্তব্য দেখি আচৰিত হওঁ…কালি এজনক কৈয়ে দিলো …প্ৰথমতে নিজে আদিল হুচেইন হৈ ল..তাৰ পাছত কিমান গালি পাৰ পাৰি থাক…।

Dhananjay Debnath : Truth is always truth. Time will tell you everything One day.Thank you Naren Patgiri.

Bedanta Pujari : Still echoes the Voice of Adil Hussain as Sundar Konwar in Karengar Ligiri directed by Dhrubajit Kishor Choudhury (Vaya Mama?).

Ranjit Barman : One should think twice before uttering a word. Freedom has to be social contract and with liberty. One should look ,before jumping…

এই বিষয়টো সন্দৰ্ভত আপুনিও জনাব পাৰে আপোনাৰ মতামত। আমাৰ ই-মেইল আইডি: cinebarta100@gmail.com

Leave A Comment