• Home
  • Month: March 2022

Deeplina Deka-ৰ ভাইৰেল ভিডিঅ’ক লৈ Trolling : চৰ্চাত ৰেকৰ্ডিং ষ্টুডিঅ’ৰ Autotune

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে গায়িকা দীপলিনা ডেকাৰ এটা নতুন ভিডিঅ'। হেজাৰ হেজাৰ লোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে এই ভিডিঅ'টোক লৈ নানাজনে নানা মন্তব্য কৰা পৰিলক্ষিত হৈছে। সাধাৰণতে যেতিয়া এটা গীত বা ভিডিঅ' এনেদৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হয়, তেতিয়া ই হৈ পৰে গায়ক বা গায়িকাগৰাকীৰ কাৰণে আনন্দৰ খবৰ। পিছে এইবাৰ…

বন্ধুবৰ আদিল ! অভিনেতা Adil Hussain-ৰ এটা টুইটক লৈ দেশজুৰি বিতৰ্ক, বন্ধুৱে লিখিলে প’ষ্ট

Adil Hussain বন্ধুবৰ আদিল.. এনেকৈয়ে আৰম্ভ হৈছে এটা ফেচবুক প'ষ্ট। অথবা এই প'ষ্টটোক এখন বেছ দীঘলীয়া চিঠি বুলিও ক'ব পাৰিছে। শিৰোনামটো পঢ়িয়েই নিশ্চয় সকলোৱে ধৰিব পাৰিছে যে এই প'ষ্ট লিখা হৈছে বলিউড তথা হলিউডতো প্ৰতিষ্ঠা লাভ কৰা অসমৰ সুসন্তান অভিনেতা আদিল হুছেইনক লক্ষ্য কৰি। লিখিছে আদিলৰ এগৰাকী বন্ধু তথা অসমৰ…
Cinebarta The Kashmir Files Rainbow Fields2

The Kashmir Files-ৰ আগতেই নেলীৰ ঘটনাক লৈ নিৰ্মাণ হৈছিল ছবি, কিন্তু…

বলিউডত নিৰ্মাণ হোৱা আন কোনো ছবিক লৈ সমগ্ৰ ভাৰতবৰ্ষত ইমান চৰ্চা তথা বিতৰ্ক হোৱা মনত নপৰে, যিমান চৰ্চা শেহতীয়া ছবি The Kashmir Files-ক কেন্দ্ৰ কৰি পৰিলক্ষিত হৈছে ৷ যোৱা ১১ মাৰ্চত মুক্তি লাভ কৰা এই ছবিখনে বক্স অফিচত সৃষ্টি কৰিছে একপ্ৰকাৰৰ ধুমুহা ৷ মাত্ৰ ১৪ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা…

ৰাইজ সাজু নে ? আহি আছে ‘বিদুৰভাই ছিজন ২’ : আকৌ নতুন সোৱাদৰ প্ৰতিশ্ৰুতি

বোলো খবৰটো পাইছেনে ? কি ক'লে ? নাই পোৱা? হেৰি, বিদুৰভাই আকৌ আহি আছে নহয়। একেবাৰে নতুন ৰূপত, নতুন সোৱাদ লৈ। হয়, অসমৰ দৰ্শকৰ মন জয় কৰাৰ লগতে ইন্টাৰনেটৰ পৃথিৱীত বহুল জনপ্ৰিয়তা লাভ কৰা অসমীয়া ৱেব ছিৰিজ 'বিদুৰভাই'ৰ ছিজন-২ শীঘ্ৰে মুক্তি লাভ কৰিব। এই বাৰ্তাই স্বাভাৱিকতে চৰ্চা লাভ কৰাৰ সময়তে…

বহুচৰ্চিত KGF-2ত গীত গালে অসমৰ প্ৰিয়ংকা ভৰালীয়ে

অসমবাসীৰ বাবে এক খুবেই উৎসাহজনক খবৰ। সমগ্ৰ ভাৰতৰ চলচ্চিত্ৰপ্ৰেমীৰ বাবেই উৎকন্ঠাৰ কেন্দ্ৰবিন্দু হৈ পৰা বিগ বাজেটৰ KGF CHAPTER-2 নামৰ ছবিখনত কণ্ঠ নিগৰাইছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী Priyanka Bharali-এ। কেইবাশ কোটি টকা বাজেটৰ এই ছবিখন মূলত: দক্ষিণ ভাৰতৰ ছবি যদিও ছুপাৰষ্টাৰ যশ অভিনীত এই ছবিখন হিন্দী ভাষাতো সমগ্ৰ দেশত মুক্তি লাভ কৰিব।…
Bachchan Pandey Assamese Review

Bachchan Pandey চালেনে ? ৰিমেকৰ Remake ! সম্পূৰ্ণ মচলাধৰ্মী এখন ছবি

এগৰাকী উপায়হীন চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতাই ভয়ংকৰ গুণ্ডাৰ ওপৰত জীৱনী নিৰ্মাণ কৰিবলগীয়া হ'ল। পিছে তেওঁলোকৰ বাবে এয়া কিমান ভয়াৱহ আৰু বিপদজনক হ'ব সেই বিষয়ে তেওঁলোকৰ অলপো ধাৰণা নাছিল । ক'বলৈ লৈছো চিত্ৰগৃহত চলি থকা বলিউডৰ নতুন ছবি 'বচ্ছন পাণ্ডে'ৰ কথা। অক্ষয় কুমাৰ অভিনীত এই ছবিখন ২০১৪ চনৰ তামিল চলচ্চিত্ৰ 'জিগৰথাণ্ডা'ৰ…

দুবছৰীয়া প্ৰতীক্ষাৰ অন্ত : ১৯,২০,২১ মাৰ্চত যোৰহাটত আৱাহন থিয়েটাৰ

দুবছৰৰ বিৰতিৰ অন্ত পৰিল। অন্ত পৰিল নাট্যপ্ৰেমীসকলৰ অধীৰ অপেক্ষাৰ। দুটা বছৰজোৰা প্ৰতীক্ষাৰ অৱসান ঘটাই সাংস্কৃতিক নগৰী যোৰহাটলৈ আহি আছে আৱাহন থিয়েটাৰৰ। তিনিখন আকৰ্ষণীয় নাটক লৈ যোৰহাটবাসীৰ কাষ চাপিছে অসমৰ ভ্ৰাম্যমাণ জগতৰ প্ৰতিষ্ঠিত নাট্যদলটোৱে। ১৯,২০ আৰু ২১ মাৰ্চত যোৰহাট চহৰৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত নাটক প্ৰদৰ্শন কৰিব আৱাহন থিয়েটাৰে। ইতিমধ্যে তিনিওদিনৰ…

সংগ্ৰামীৰ কন্যা! মুকলি হ’ল নতুন অসমীয়া ছবি Across The Paddy Fields-ৰ ট্ৰেইলাৰ

জীয়া কাহিনীৰ ওপৰত আধাৰিত এখন হিন্দী ছবিয়ে এতিয়া সমগ্ৰ ভাৰতবৰ্ষত সৃষ্টি কৰি আছে আলোড়ন। প্ৰতিদিনে বক্স অফিচত নতুন অভিলেখ গঢ়ি আছে এই সঁচা ঘটনাৰ আধাৰত নিৰ্মিত ছবিখনে। আমি সকলোৱে জানো যে এই ছবিখনৰ নাম হৈছে 'The Kashmir Files'। এতিয়া এনে এক সঁচা ঘটনাৰ আলমতেই নিৰ্মীয়মান এখন অসমীয়া ছবিৰ ট্ৰেইলাৰ মুকলি…

এইবাৰ শিলচৰত Prag Cine Award 2022 : আহিব বংগৰ ছুপাৰষ্টাৰ Prosenjit

প্ৰতিবছৰৰ দৰে এইবাৰো আহি আছে প্ৰাগ চিনে এৱাৰ্ড। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে বিশেষ গুৰুত্ব বহন কৰা এই অনুষ্ঠানটোৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। পিছে এইবাৰ গুৱাহাটী মহানগৰী অথবা ব্ৰহ্মপুত্ৰ উপত্যকাত অনুষ্ঠিত নহয় এই অনুষ্ঠান। ইয়াৰ পৰিৱৰ্তে এইবাৰ বৰাক উপত্যকাৰ শিলচৰত অহা ২৬ মাৰ্চত আয়োজন কৰা হৈছে Prag Cine Award 2022। অলপতে…

আৱাহন থিয়েটাৰৰ নাটক ‘লভিতা’ৰ আকৰ্ষণীয় Trailer চালেনে?

কৰোণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে সৃষ্টি কৰা আতংকময় পৰিস্থিতিয়ে বেয়াকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে অসমৰ ভ্ৰাম্যমাণ জগতক। অসমবাসীৰ অতিকে মৰমৰ এই উদ্যোগটোক কোঙা কৰি থৈ গ'ল এই মহামাৰীয়ে। তথাপি সকলো প্ৰত্যাহ্বান নেওচি পুনৰ ২০২২-২৩ নাট্যবৰ্ষৰ বাবে সাজু হৈছে নাট্যদলসমূহ। পাছ পৰি ৰোৱা নাই জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ নেতৃত্বাধীন আৱাহন থিয়েটাৰ। নাট্যদলটোৱে আগন্তুক নাট্যবৰ্ষত…